অসম

assam

ETV Bharat / bharat

ব্ৰু ৰিফিউজীৰ পুনৰ সংস্থাপন কেন্দ্ৰ পৰিদৰ্শন বিপ্লৱ দেৱৰ - ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ

ত্ৰিপুৰাত আৰম্ভ হৈছে ব্ৰু ৰিফিউজীৰ পুনৰ সংস্থাপন প্ৰক্ৰিয়া ৷ বৃহস্পতিবাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে আম্বাছা মহকুমাৰ হাদুকালাক পাৰাত এটা স্থায়ী পুনৰ সংস্থাপন কেম্প উদ্বোধন কৰে ৷

biplab kumar deb pays visit to bru settlement place
ব্ৰু ৰিফিউজীৰ পুনৰ সংস্থাপন কেন্দ্ৰ পৰিদৰ্শন বিপ্লৱ দেৱৰ

By

Published : Apr 30, 2021, 8:54 AM IST

আগৰতলা, 30 এপ্ৰিল:দীৰ্ঘদিনীয়া এক সমস্যাৰ অৱসানৰ অন্ত পেলাই আৰম্ভ হৈছে ত্ৰিপুৰাৰ ব্ৰু ৰিফিউজী সকলৰ স্থায়ী পুনৰ সংস্থাপনৰ প্ৰক্ৰিয়া ৷ বৃহস্পতিবাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে আম্বাছা মহকুমাৰ হাদুকালাক পাৰাত এটা স্থায়ী পুনৰ সংস্থাপন কেম্প উদ্বোধন কৰে ৷

উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি দেৱে কয় যে, সুদীৰ্ঘ 23 বছৰীয়া সমস্যাৰ অন্ত পেলাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাৰ ফলশ্ৰুতিত ব্ৰু সকলৰ স্থায়ী পুনৰ সংস্থাপন প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়া মতে, ত্ৰিপুৰাৰ প্ৰায় 13 টা স্থানত 36,140 ব্ৰু লোকৰ বাবে স্থায়ী সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব ৷ সম্পূৰ্ণ প্ৰক্ৰিয়াটোত মুঠ 1200 কোটি খৰছ হ'ব ৷ প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে ইয়াৰ বাবে 6 কোটিৰ এটা পেকেজ ঘোষণা কৰিছে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে ব্ৰু পৰিয়াল সমূহক নিজৰ মাজত ভাল সম্পৰ্ক বৰ্তাই ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে অঞ্চলটোৰ লোক সকলৰ সৈতেও ভাল সম্পৰ্ক বৰ্তাই ৰখাৰ বাবে আহ্বান জনাই ৷ বৰ্তমানলৈকে প্ৰশাসনৰ ফালৰ পৰা আগবঢ়োৱা সা-সুবিধাৰে মুঠ 204 টা ব্ৰু পৰিয়ালক সংস্থাপন প্ৰদান কৰা হৈছে ৷

লগতে পঢ়ক:সমাধানৰ দিশে ব্ৰু সকলৰ সমস্যা : আৰম্ভ হ'ল স্থায়ী পুনৰ সংস্থাপন প্ৰক্ৰিয়া

ABOUT THE AUTHOR

...view details