নেশ্যনেল ডেস্ক, ৭ ছেপ্তেম্বৰ: সাধাৰণ জনতা আৰু চৰকাৰৰ মাজৰ ব্যৱধান কম কৰাৰ উদ্দেশ্যে ত্ৰিপুৰাত আৰম্ভ কৰা হৈছে 'মুখ্যমন্ত্ৰী হেল্পলাইন সেৱা' । সোমবাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে 'মুখ্যমন্ত্ৰী হেল্পলাইন সেৱা'ৰ শুভাৰম্ভ কৰে । মাত্ৰ ১৯০৫ নম্বৰত ফোন কৰি নিজৰ সমস্যাৰ বিষয়ে ৰাইজে বিভাগীয় কৰ্তৃপক্ষক জনাব পাৰিব । জনসাধাৰণৰ অভিযোগ নিষ্পত্তিৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে ত্ৰিপুৰা চৰকাৰে ।
'মুখ্যমন্ত্ৰী হেল্পলাইন সেৱা'ৰ বাবে মুকলি কৰি দিয়া নম্বৰত ফোন কৰি চৰকাৰৰ বিভিন্ন নীতি উন্নত কৰাৰ সন্দৰ্ভত পৰামৰ্শ আগবঢ়াব পাৰিব ৰাইজে । মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে পোনপটীয়াকৈ সমগ্ৰ প্ৰক্ৰিয়া তদাৰক কৰিব আৰু সকলো ফাইল মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হ'ব । মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে সোমবাৰে কেৱল এই সেৱা উদ্বোধন কৰাই নহয়, তেওঁ জনসাধাৰণৰ সৈতে পোনপটীয়াকৈ কথাও পাতে । লগতে বিভাগীয় বিষয়াসকলক এই সন্দৰ্ভত প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছিল ।
এই সন্দৰ্ভত এগৰাকী পৰ্যবেক্ষকে কয় যে, এই পদক্ষেপে নাগৰিক আৰু চৰকাৰৰ মাজৰ ব্যৱধান হ্ৰাস কৰিব আৰু চৰকাৰৰ নীতি প্ৰস্তুতকৰণত জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধি কৰিব । আনহাতে, এগৰাকী উচ্চ পদস্থ চৰকাৰী বিষয়াই কয় যে, জনসাধাৰণক তেওঁলোকৰ অভিযোগ দাখিল কৰাৰ বাবে এখন মঞ্চ আগবঢ়োৱাৰ উদ্দেশ্যেৰে এই পদক্ষেপ লোৱা হৈছে ।