আগৰতলা,13 জুন: শুকুৰবাৰে ত্ৰিপুৰাত কৃষক ৰে'ল(Kisan rail)ৰ যাত্ৰাৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে(Biplab Kumar Dev) । প্ৰথমবাৰৰ বাবে কৃষক ৰে'লৰ যাত্ৰা উদ্বোধন কৰি তেওঁ কয় যে, কৃষক ৰে'লে ত্ৰিপুৰাৰ কৃষকসকলৰ বাবে অৰ্থনৈতিক দিশ টনকিয়াল কৰাত অৰিহণা যোগাব ।
এই পদক্ষেপৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi) আৰু ৰে'লমন্ত্ৰীক ধন্যবাদ জনায় । তেওঁ লগতে কয় যে, ত্ৰিপুৰাৰ কৃষকসকলে কেতিয়াও ভবা নাছিল যে, তেওঁলোকে উৎপাদন কৰা সামগ্ৰীবোৰ ইমান কম পৰিবহণ ব্যয়ত ৰাষ্ট্ৰীয় বজাৰলৈ পঠিয়াব পাৰিব । এতিয়া দিল্লীলৈ প্ৰেৰণ কৰা কৃষিজাত সামগ্ৰীৰ প্ৰতি কেজিৰ বাবদ ২.২৫ টকা লোৱা হয় ।
ত্ৰিপুৰাত কৃষক ৰে'লৰ যাত্ৰা উদ্বোধন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ কলকাতালৈ ২.৭৭ টকা আৰু মাত্ৰ 88 পইচা ব্যয়েৰে গুৱাহাটীলৈ সামগ্ৰীবোৰ প্ৰেৰণ কৰা হৈছে । এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । বৰ্তমান দেশৰ বিভিন্ন প্ৰান্তত লক ডাউন সদৃশ পৰিস্থিতি অব্যাহত থকাৰ বাবে বজাৰসমূহ বন্ধ হৈ আছে ।
পৰিস্থিতি পূৰ্বৰ দৰে হোৱা হ'লে কাশ্মীৰী আপেল, কাজু বাদাম, ড্ৰেগন ফল আদি বহু সামগ্ৰী ত্ৰিপুৰাৰ পৰা আন ৰাজ্যলৈ প্ৰেৰণ কৰিব পাৰিলেহেতেন বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শেহতীয়াকৈ ত্ৰিপুৰাৰ কঁঠাল(Jackfruit)ৰ বিষয়ে উল্লেখ কৰিছিল আৰু এয়া ৰাজ্যখনৰ লগতে কৃষকসকলৰ বাবে এক বৃহৎ সাফল্য ।
মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ প্ৰশংসা কৰে । উল্লেখ্য যে, শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা ১৮ টা সাধাৰণ ডবা আৰু ২ টা এছ এল আৰযুক্ত কৃষক ৰে'লে আগৰতলাৰ পৰা ৮,৯৯০ কিল’গ্ৰাম কুইন আনাৰস(Queen Pineapple)ৰ ৫৪৩টা পেকেট দিল্লীৰ(আদৰ্শ নগৰ) ষ্টেচনলৈ কঢ়িয়াই নিছে ।
১,১৪৫ কেজি কৃষিজাত সামগ্ৰীৰ মুঠ ৭৫টা পেকেট পৰীক্ষামূলকভাৱে গুৱাহাটীলৈ প্ৰেৰণ কৰা হ'ব । গুৱাহাটীলৈ প্ৰেৰণ কৰিবলগীয়া সামগ্ৰীৰ ভিতৰত আছে ৬৪ টা কঁঠাল আৰু ২০০ কেজি ওজনৰ বিভিন্ন প্ৰকাৰৰ আনাৰস ।
লগতে পঢ়ক: ত্ৰিপুৰাত চৰকাৰী কাৰ্যালয়ত বিজেপি কৰ্মীৰ তাণ্ডৱৰ অভিযোগ