নিউজ ডেস্ক, 7 জুলাই:পঞ্জাৱৰ ৰাইজৰ বাবে আজি আনন্দৰ দিন ৷ কিয়নো আজি অৰ্থাৎ বৃহস্পতিবাৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ বিয়া ৷ হয়, ঠিকেই শুনিছে ৷ ৪৮ বছৰীয়া মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ ৩২ বছৰীয়া ডাঃ গুৰপ্ৰীত কৌৰৰ লগত বিয়া ৷ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভৱনতে সাধাৰণভাৱে হৈছে এই বিয়াখন ৷
মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ হ’বলগীয়া পত্নী ডাঃ গুৰপ্ৰীত কৌৰ হাৰিয়ানাৰ পেহোৱাৰ বাসিন্দা ৷ ডাঃ গুৰপ্ৰীতৰ পিতৃ এজন গাঁও প্ৰধান ৷ তিনিগৰাকী ভগ্নীৰ ভিতৰত গুৰপ্ৰীত সৰু ৷ ডাঃ গুৰপ্ৰীতৰ এগৰাকী ভগ্নীৰ বিবাহ অষ্ট্ৰেলিয়াত আৰু আনগৰাকী আমেৰিকাত হৈছে বুলি জানিব পৰা গৈছে ৷
আনহাতে, গুৰপ্ৰীত কৌৰে আম্বালাৰ মেডিকেল কলেজত চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰিছিল (Gurpreet Kaur studied medicine at the Medical College, Ambala) ৷ গুৰপ্ৰীত কৌৰে ২০১৩ চনত আম্বালাৰ মুলানা মেডিকেল কলেজত(Mulana Medical College, Ambala) নামভৰ্তি কৰিছিল আৰু ২০১৭ চনত মেডিকেলৰ অধ্যয়ন সম্পূৰ্ণ কৰিছিল ৷ 2019 চনতে মুখ্যমন্ত্ৰী ভগৱন্ত মানক পৰিয়ালৰ লোকৰ সৈতে লগ পাইছিল গুৰপ্ৰীত কৌৰে ৷ তেতিয়াৰ পৰাই আলোচনা চলিছিল বিয়াৰ ৷