নেশ্যনেল ডেস্ক,২৩ মাৰ্চ :মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ গুৰুত্বপূৰ্ণ ঘোষণা । পাঞ্জাৱক দুৰ্নীতিমুক্ত কৰাৰ উদ্দেশ্যে বিশেষ পদক্ষেপ ল'ব আম আদমি চৰকাৰে । লগতে এটা হেল্পলাইন নম্বৰো মুকলি কৰিব চৰকাৰে (Punjab govt to release anti corruption helpline number)। দুৰ্নীতিগ্ৰস্ত বিষয়াৰ ভিডিঅ' এই হেল্পলাইন নম্বৰত হোৱাটছএপযোগে ৰাইজে প্ৰেৰণ কৰিব পাৰিব ।
বুধবাৰে মুখ্যমন্ত্ৰী ভগৱন্ত মানে কয় যে শ্বহীদ ভগত সিং, ৰাজগুৰু আৰু সুখদেৱক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে শ্বহীদ দিৱস পালন কৰা হ'ব । শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি চৰকাৰে এক ৰাজ্যিক পৰ্যায়ৰ সন্মিলনৰো আয়োজন কৰিব (Punjab Govt to organise state level convention)। ইফালে শ্বহীদ দিৱস উপলক্ষে সমগ্ৰ পাঞ্জাৱত ৰাজহুৱা বন্ধৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে (Public holiday across Punjab on martyrs' day)।