অসম

assam

ETV Bharat / bharat

Delhi Liquor Policy Scam : ইডিৰ জাননী অবৈধ আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত; কেজৰিৱাল - AAP leader Arvind Kejriwal

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লী সুৰা নীতি কেলেংকাৰীৰ গোচৰ সন্দৰ্ভত বৃহস্পতিবাৰে ইডিৰ সন্মুখত হাজিৰ হোৱাৰ কথা আছে । ইফালে বিজেপিয়ে এই সন্দৰ্ভত আপক আক্ৰমণ কৰি থকাৰ সময়তে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হ'ব বুলিও একাংশই অনুমান কৰিছে ।

দিল্লী সুৰা কেলেংকাৰীত আজি ইডিৰ সন্মুখত অৰবিন্দ কেজৰিৱাল
Delhi Liquor Policy Scam

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 1:40 PM IST

নিউজ ডেস্ক, ২ নৱেম্বৰ :দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে ইডিৰ জাননীখন 'সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত' আৰু 'অবৈধ' । তেওঁ লগতে কয় যে তেওঁ ইডিৰ আহ্বানত বৃহস্পতিবাৰে ইডিৰ কাৰ্যালয়ত হাজিৰ নহয়, বৰং ভগৱন্ত মানৰ সৈতে মধ্যপ্ৰদেশৰ চিংৰোলাত এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব । তেওঁ কয় যে চাৰিখন ৰাজ্যৰ আগন্তুক নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যত তেওঁৰ অংশগ্ৰহণত বাধা দিবলৈয়ে এই ব্যৱস্থা লোৱা হৈছে ।

উল্লেখ্য যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক দিল্লী সুৰা নীতি কেলেংকাৰীৰ তদন্তৰ অংশ হিচাপে বৃহস্পতিবাৰে প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) সন্মুখত হাজিৰ হ'বলৈ জাননী জাৰি কৰা হৈছিল । ইডিয়ে তেওঁক পুৱা ১১ বজাত সোধাপোছাৰ বাবে মাতি পঠিয়াইছিল । ইয়াৰ বাবে মুখ্যমন্ত্ৰীৰ বাসগৃহ আৰু ইডি কাৰ্যালয়ত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰা হয় ।

আনহাতে, মুখ্যমন্ত্ৰী কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হ'ব পাৰে বুলিও আশংকা কৰা হৈছে । এই চৰ্চাৰ বাবে ৰাজধানীৰ ৰাজনৈতিক পৰিৱেশত যথেষ্ট আলোড়নৰ সৃষ্টি হৈছে ।

ইফালে মন্ত্ৰী সৌৰভ ভৰদ্বাজ, গোপাল ৰায়, আতিশী আৰু সাংসদ ৰাঘৱ চাড্ডাই এই জেৰা সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত কৰিছে । তাত তেওঁলোকে কৈছে যে আম আদমী পাৰ্টীৰ কোনো কৰ্মীয়ে ভয় খোৱা নাই । তেওঁলোকে অভিযোগ কৰে যে বিজেপিয়ে আম আদমী পাৰ্টী ধ্বংস কৰিব বিচাৰে । ইয়াৰ পূৰ্বে বুধবাৰে মুখ্যমন্ত্ৰী কেজৰিৱালে এক সংবাদমেল অনুষ্ঠিত কৰে আৰু চাকৰি নিয়মীয়াকৰণ কৰা অনাময় কৰ্মীসকলক অভিনন্দন জনায় । অৱশ্যে এই সংবাদমেলত তেওঁ ইডিৰ চমনৰ বিষয়ে একো এটা উল্লেখ নকৰে ।

উল্লেখ্য যে যোৱা এপ্ৰিল মাহতে দিল্লীৰ মুখ্যমন্ত্ৰীক এই গোচৰটোত চিবিআয়ে সোধাপোছাৰ বাবে মাতিছিল । অৱশ্যে ইডিয়ে এই ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে তেওঁক জেৰা কৰিব । কিন্তু যদি বিগত কেইটামান ঘটনালৈ লক্ষ্য কৰিলে দেখা যায় যে প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈন, প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়া আৰু সাংসদ সঞ্জয় সিঙক সোধাপোছাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছিল । আনহাতে, আতিশী আৰু সৌৰভ ভৰদ্বাজৰ দৰে আপ নেতাসকলেও তেওঁক গ্ৰেপ্তাৰ কৰাৰ আশংকা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :Delhi liquor scam : সুৰা নীতি কেলেংকাৰী গোচৰত কেজৰিৱালক ইডিৰ তলব

ABOUT THE AUTHOR

...view details