নেশ্যনেল ডেস্ক, 6 জুলাই :হিমাচলত অঘটন ৷ বুধবাৰে পুৱা কুল্লু জিলাৰ মণিকৰণ উপত্যকাৰ চোজ গাঁৱত ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয় (Cloud burst in Manikarn Valley) ৷ ফলত ওচৰ পাজৰৰ বাসগৃহসমূহ ক্ষয়-ক্ষতি হয় ৷ এতিয়ালৈ এই ঘটনাত 4 জন লোক সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছিল যদিও বৰ্তমান সন্ধানহীন লোকৰ সংখ্যা 6 জনলৈ বৃদ্ধি হয় ৷
ইয়াৰোপৰি গাওঁখনলৈ যোৱা একমাত্ৰ দলংখনো পানীৰ প্ৰবল সোঁতত ভাগি পৰে ৷ ততালিকে গাওঁবাসীয়ে কুল্লু প্ৰশাসনক এই বিষয়ে অৱগত কৰে ৷ খবৰ পোৱা মাত্ৰকে আৰক্ষী প্ৰশাসনৰ লগতে উদ্ধাৰকাৰী দল ঘটনাস্থলীলৈ ৰাওনা হৈছে ৷
উল্লেখ্য যে ৰাতিৰে পৰা কুল্লুত বৰষুণ হৈ আছিল ৷ এনে পৰিস্থিতিত পুৱা ডাৱৰ বিস্ফোৰণ হোৱাৰ পিছতে আতংকিত হৈ পৰিছে গাওঁবাসী ৷ এই বিস্ফোৰণত বহু লোক পানীৰ মাজত আৱদ্ধ হৈ আছে ৷