নেশ্যনেল ডেস্ক,১৬ জুলাই : দেশত প্ৰতিষেধক (Vaccine) প্ৰদানৰ কাৰ্যসূচী অব্যাহত আছে । প্ৰথম অৱস্থাত চিকিৎসক, স্বাস্থ্য সেৱাৰ সৈতে জড়িত লোকক প্ৰতিষেধক প্ৰদানত অগ্ৰাধিকাৰ দিয়া হৈছিল । তাৰ পাচত ক্ৰমে ৪৪ বছৰৰ উৰ্ধৰ আৰু আনুসংগিক ৰোগাক্ৰান্ত লোকক দিয়া হৈছিল প্ৰতিষেধক । পৰৱৰ্তী সময়ত ১৮ বছৰৰ উৰ্ধৰ লোকসকলৰ বাবেও প্ৰতিষেধক প্ৰদানত অনুমতি দিয়া হয় ।
কিন্তু, এতিয়াও শিশুসকলৰ বাবে প্ৰতিষেধক প্ৰদানত অনুমতি দিয়া হোৱা নাই । যাৰ বাবে চিন্তাত পৰিছে বহু অভিভাৱক । ইফালে সাম্ভাব্য কৰ'ণাৰ তৃতীয় ঢৌক লৈও বিশেষ নিৰ্দেশনা জাৰি কৰিছে বিশেষজ্ঞসকলে । তেওঁলোকৰ মতে তৃতীয় ঢৌত (Third wave) আটাইতকৈ বেছি প্ৰভাৱান্বিত হ'ব শিশুসকল । গতিকে শিশুসকলক অতি শীঘ্ৰে টীকাকৰণ কৰাৰ অতি প্ৰয়োজন হৈ পৰিছে ।
এই বিষয়ৰ প্ৰতি লক্ষ্য ৰাখিয়ে এগৰাকী কিশোৰৰ হৈ আদালতত ৰাজহুৱা স্বাৰ্থজড়িত এক আবেদন দাখিল কৰা হৈছিল । আবেদনৰ জৰিয়তে আবেদনকাৰীয়ে তৃতীয় ঢৌৰ প্ৰতি লক্ষ্য ৰাখি ১২ বছৰৰ পৰা ১৭ বছৰ বয়সৰ সকলোকে তাৎক্ষণিকভাৱে টীকাকৰণৰ বাবে নিৰ্দেশনা দিবলৈ অনুৰোধ জনাইছিল আদালতক । এই আবেদনৰ পাচতে কেন্দ্ৰীয় চৰকাৰে শুকুৰবাৰে আদালতক জনাই যে, ১৮ বছৰৰ তলৰ শিশুৰ বাবে ক'ভিড ভেকচিনৰ ক্লিনিকেল পৰীক্ষণ (Clinical test) চলি আছে আৰু ই সম্পূৰ্ণ হোৱাৰ পথত আছে । লগতে কয় যে, চৰকাৰৰ দ্বাৰা এক নীতি গঠন কৰা হ'ব আৰু বিশেষজ্ঞসকলে অনুমতি দিলে শিশুসকলক টীকাকৰণ কৰা হ'ব ।
ইয়াৰ পিছত শুনানি গ্ৰহণ কৰি দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি এন পেটেল আৰু ন্যায়াধীশ জ্যোতি সিঙৰ বিচাৰপীঠে মন্তব্য কৰে যে পৰীক্ষণ বোৰ সম্পন্ন হ'বলৈ দিয়ক, অন্যথা যদি শিশুৰ ক্ষেত্ৰতো পৰীক্ষণ অবিহনে ভেকচিন প্ৰদান কৰা হয় তেন্তে ই এক দুৰ্যোগ হ'ব পাৰে । লগতে কেন্দ্ৰীয় চৰকাৰকো বিচাৰপীঠে আহ্বান জনাই যাতে পৰীক্ষণ শেষ হোৱাৰ পিছতে শিশুৰ ক্ষেত্ৰত অতি সোনকালে প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰে । কিয়নো সমগ্ৰ দেশে সেই দিনটোলৈ অপেক্ষা কৰি আছে । ইফালে আদালতে এই আবেদনৰ পৰৱৰ্তী শুনানি অহা ৬ ছেপ্তেম্বৰলৈ নিৰ্ধাৰণ কৰে ।
লগতে পঢ়ক :কমল নাথ হ'ব নেকি AICCৰ পৰৱৰ্তী কাৰ্যকৰী সভাপতি ?