অসম

assam

ETV Bharat / bharat

আইজলত স্বচ্ছতা অভিযানৰ শুভাৰম্ভ

মিজোৰামৰ উপ-মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত কয় যে,মিজোৰাম হৈছে শৌচ মুক্ত ৰাজ্য,ইয়াক মুক্ত ঠাইত শৌচ মুক্ত ৰাজ্যলৈ ৰূপান্তৰ কৰিব লাগিব ৷ লগতে তেওঁ আৰু কয় যে,আমি সৃষ্টি কৰা আৰ্ৱজনাৰ পৰিস্কাৰ কৰাৰ বাবে আমি দায়বদ্ধ হোৱা উচিত ৷ এই দায়িত্ব প্ৰতিটো পৰিয়ালৰ পৰা আৰম্ভ কৰিব লাগিব ৷

আইজলত স্বচ্ছতা অভিযানৰ শুভাৰম্ভ
আইজলত স্বচ্ছতা অভিযানৰ শুভাৰম্ভ

By

Published : Jan 8, 2021, 10:38 PM IST

আইজল,8 জানুৱাৰীঃমিজোৰামৰ উপ-মুখ্যমন্ত্ৰী তাওনুলিয়াই শুকুৰবাৰে চহৰ উন্নয়ন বিভাগ আৰু দৰিদ্ৰতা নিমূল বিভাগে আয়োজন কৰা পৰিচ্ছন্নতা অভিযান কাৰ্যসূচীৰ উদ্ধোধন কৰে ৷ উক্ত কাৰ্যসূচীত উপস্থিত থাকি মিজোৰামৰ উপ-মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত কয় যে,মিজোৰাম হৈছে মুক্ত ঠাইত শৌচ মুক্ত ৰাজ্য,ইয়াক খালী ঠাইত শৌচ মুক্ত ৰাজ্যলৈ ৰূপান্তৰ কৰিব লাগিব ৷ লগতে তেওঁ আৰু কয় যে,আমি সৃষ্টি কৰা আৰ্ৱজনাৰ পৰিস্কাৰ কৰাৰ বাবে আমি দায়বদ্ধ হোৱা উৰ্চিত ৷ এই দায়িত্ব প্ৰতিটো পৰিয়ালৰ পৰা আৰম্ভ কৰিব লাগিব ৷

আইজলত স্বচ্ছতা অভিযানৰ শুভাৰম্ভ
উল্লেখযোগ্য যে,আইজল পৌৰসভা এলেকাত প্ৰতিদিনে 1.35 লাখ কেজি আৱৰ্জনা সংগ্ৰহ হয় ৷ একেদৰে AMC যে,78 MMV আৰু 78HMV আৰ্ৱজনা সংগ্ৰহ কৰে যাৰ ফলত বছৰি 6 কোটিৰো অধিক টকা ব্যয় কৰে চৰকাৰে ৷ সম্প্ৰতি এই কাৰ্যসূচীৰ প্ৰতি সহাঁৰি জনাই সংবাদ কৰ্মীসহ 400 জনতকৈ অধিক লোকে আইজল চহৰৰ বিভিন্ন প্ৰান্তৰ 30 টাতকৈ অধিক স্থানত পৰিস্কাৰ পৰিচ্ছন্ন কৰি ৰখাত অংশগ্ৰহণ কৰিছে ৷ লগতে পঢ়কঃ অসমৰ জাতীয়তাবাদ আজি সংকটৰ গৰাহত : লুৰীণ

ABOUT THE AUTHOR

...view details