অসম

assam

ETV Bharat / bharat

Teeth Health: দাঁতৰ হালধীয়া ৰঙৰ বাবে চিন্তিত নেকি ? মাত্ৰ সপ্তাহত ৩ বাৰকৈ এই ৩বিধ সামগ্ৰী মিহলাই প্ৰয়োগ কৰক - দাঁতৰ হালধীয়া

এই তিনিবিধ সামগ্ৰীয়ে দাঁতৰ হালধীয়া ৰং আঁতৰোৱাত অতি ক্ষীপ্ৰতাৰে কাম কৰে । কেনেকৈ, এই বিষয়ে বিতংভাৱে জানি লওক ।

Clean your teeth by mixing these three things 3 times a week, your teeth will always shine like pearls
দাঁতৰ হালধীয়া ৰঙৰ বাবে চিন্তিত নেকি ? মাত্ৰ সপ্তাহত ৩ বাৰকৈ এই ৩বিধ সামগ্ৰী মিহলাই প্ৰয়োগ কৰক

By

Published : Jun 26, 2023, 8:58 PM IST

দাঁত হালধীয়া হৈ টাৰ্টাৰ জমা হৈ পৰে, যাৰ ফলত ইয়াৰ ৰং সলনি হয় । এনে পৰিস্থিতিত এই ঘৰুৱা পদ্ধতিটো আপোনাৰ দাঁত পৰিষ্কাৰ কৰাত সহায়ক কৰিব । কেৱল এইটোৱেই নহয়, এই ৰেচিপিটোৱে যিবোৰ দাঁতত কৃমি আছে বা যিবোৰ দাঁত দ্ৰুতগতিত বেয়া হৈ গৈ আছে, সেইবোৰৰ বাবে অতি দ্ৰুত কাম কৰে । লগতে বহু সময়ত এই পদ্ধতিয়ে দাঁতৰ বিষ কমোৱাত ফলপ্ৰসূ কাম কৰে । গতিকে, প্ৰথমে জানো আহক ই কি আৰু তাৰ পিছত আমি ইয়াৰ বিভিন্ন উপকাৰিতা জানিম ।

দাঁতৰ হালধীয়া হোৱা কেনেকৈ দূৰ কৰিব- How to use mustard oil and salt for teeth

মাথোঁ নিমখ, সৰিয়হৰ তেল আৰু নেমুৰ ৰস মিহলাই ল’ব লাগিব । এতিয়া এই তিনিটা মিহলাই দাঁত পৰিষ্কাৰ কৰক । এই কামটো আপুনি সপ্তাহত ৩ বাৰ কৰিব লাগিব । এনে কৰিলে তিনি সপ্তাহত ইয়াৰ প্ৰভাৱ দেখা পাব । ইয়াৰ প্ৰভাৱ আপোনাৰ দাঁতত দীৰ্ঘদিনলৈ থাকিব । কেনেকৈ জানিব ?

দাঁতৰ বাবে নিমখ আৰু সৰিয়হৰ তেল

১) এন্টি বেক্টেৰিয়েল

নিমখ, সৰিয়হৰ তেল আৰু নেমু তিনিওটা এন্টিবেক্টেৰিয়েল আৰু দাঁতত কৃমি ৰোধ কৰে । ইহঁতে আপোনাৰ দাঁতবোৰ ভিতৰৰ পৰা পৰিষ্কাৰ কৰে আৰু তাৰ পিছত দাঁতক সুস্থ কৰি ৰখাত সহায় কৰে ।

২) প্ৰদাহ নিবাৰণকাৰী গুণেৰে সমৃদ্ধ

নিমখ, সৰিয়হ তেল আৰু নেমু সকলোতে প্ৰচুৰ পৰিমাণে প্ৰদাহ নিবাৰণকাৰী গুণ থাকে আৰু দাঁতৰ ফুলা আৰু ক্ষয় কমায় । ইহঁতে বিষৰ পৰা সকাহ দিয়ে আৰু দানাবোৰৰ গভীৰতালৈ গৈ স্নায়ুবোৰ শিথিল কৰে । এইদৰে ইয়াৰ এন্টিইনফ্লেমেটৰী গুণ দাঁতৰ ক্ষয় আঁতৰোৱাত সহায়ক ।

৩) অম্লীয় গুণেৰে সমৃদ্ধ

নিমখ, সৰিয়হৰ তেল আৰু নেমু তিনিওটা অম্লীয় গুণেৰে ভৰপূৰ । এই তিনিওটা মিলি দাঁতত জমা হোৱা হালধীয়া আৰু টাৰ্টাৰ কমায় আৰু দাঁত পৰিষ্কাৰ কৰাত সহায় কৰে ।

লগতে পঢ়ক:Strong Bones: ৩০ বছৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বে খাবলৈ আৰম্ভ কৰক এই ৩বিধ খাদ্য সামগ্ৰী, শক্তিশালী হ’ব মেৰুদণ্ড

ABOUT THE AUTHOR

...view details