অসম

assam

ETV Bharat / bharat

Minor girl rape: দ্বাদশ শ্ৰেণীৰ ছাত্ৰীক কেইবামাহ ধৰি ধৰ্ষণ চৰকাৰী বিষয়াৰ; পত্নীসহ অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু - নাৰীজনিত অপৰাধ

দিল্লীৰ চৰকাৰী বিষয়াৰ নাৰকীয়কাণ্ড ৷ বন্ধুৰ নাবালিকা কন্যাক সহায় কৰাৰ চলেৰে মাহ মাহ ধৰি বলাৎকাৰ ৷ স্বামীৰ এই জঘন্যকাণ্ডক সহযোগ কৰাৰ অভিযোগত পকচো আইনৰ অধীনত চৰকাৰী বিষয়াৰ লগতে পত্নীৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে ৷

Minor girl rape
দ্বাদশ শ্ৰেণীৰ ছাত্ৰীক কেইবামাহ ধৰি ধৰ্ষণ

By

Published : Aug 20, 2023, 4:31 PM IST

নেশ্যনেল ডেস্ক, 20 আগষ্ট : দেশজুৰি ক্ৰমাৎ বৃদ্ধি হৈছে নাৰীজনিত অপৰাধ ৷ উত্তৰ দিল্লীত জঘন্য ঘটনা সংঘটিত হৈছে ৷ উত্তৰ দিল্লীৰ বুৰাৰীত এগৰাকী দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীক কেইবামাহ ধৰি বলাৎকাৰ কৰাৰ অভিযোগত দিল্লী চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ এগৰাকী উপ-সঞ্চালকৰ বিৰুদ্ধে পকচো আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ৷

আৰক্ষীয়ে জনোৱা অনুসৰি অভিযুক্তক এই জঘন্যকাণ্ড কৰিবলৈ পত্নীয়ে সহায় কৰিছিল ৷ 2020 চনৰ পৰা 2021 চনলৈ কেইবামাহ ধৰি কিশোৰীগৰাকী ধৰ্ষণৰ বলি হৈছিল ৷

ঘটনাৰ বিৱৰণী অনুসৰি চৰকাৰী বিষয়াগৰাকী আৰু তেওঁৰ পত্নীয়ে প্ৰতিদিনৰ দৰে দেওবাৰে গীৰ্জাঘৰলৈ যাওঁতেই তেওঁলোকৰ বন্ধুৰ পৰিয়ালক লগ পাইছিল ৷ ভুক্তভোগী কিশোৰীগৰাকী সেই বন্ধুৰেই কন্যা আছিল ৷

দিনে দিনে দুয়োটা পৰিয়ালৰ ঘনিষ্ঠতা বাঢ়ি গৈছিল ৷ 2020 চনত ক’ভিড মহামাৰীৰ কালত কিশোৰীগৰাকীৰ পিতৃৰ মৃত্যু হয় ৷ তাৰ পিচতে কিশোৰীগৰাকী অকলশৰীয়া হৈ পৰে ৷ দিন বাঢ়ি যোৱাৰ লগে লগে কিশোৰীগৰাকীয়ে মানসিকভাৱে ভাগি পৰিছিল ৷

এই সময়তে চৰকাৰী বিষয়াগৰাকী আৰু তেওঁৰ পত্নীয়ে কিশোৰীগৰাকীক সংগ দিয়াৰ উদ্দেশ্যে তেওঁলোকৰ ঘৰলৈ থাকিবলৈ লৈ আনে ৷ কিশোৰীগৰাকীৰ পিতৃৰ বন্ধুৰ পৰিয়াল বাবে তেওঁও পৰিয়ালটোৰ লগত থাকিবলৈ মান্তি হৈছিল ৷ কিন্তু এই সিদ্ধান্তই কাল মাতিলে কিশোৰীগৰাকীৰ জীৱনলৈ ৷

2020 চনৰ পৰা 21 চনৰ ভিতৰৰ সময়ছোৱাত প্ৰায়েই চৰকাৰী বিষয়াজনে অপকৰ্ম কৰিছিল কিশোৰীগৰাকীৰ লগত ৷ আনকি এই জঘন্যকাণ্ড সংঘটিত কৰিবলৈ বিষয়াজনৰ পত্নীয়েই তেওঁক সহায় কৰিছিল ৷

এই ঘটনাৰ পিচতে যেতিয়া কিশোৰীগৰাকী গৰ্ভৱতী হৈছিল, তেতিয়া চৰকাৰী বিষয়াজনৰ পত্নীয়ে তেওঁৰ পুত্ৰৰ হতুৱাই গৰ্ভপাত কৰা টেবলেট খুওৱাই কিশোৰীগৰাকীৰ গৰ্ভপাত কৰাইছিল ভুক্তভোগীয়ে কিশোৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷

সম্প্ৰতি কিশোৰীগৰাকী এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ আৰক্ষীয়ে কিশোৰীগৰাকীৰ বিবৃতি সংগ্ৰহ কৰিছে আৰু তেওঁক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়াৰ পিচতে, আৰক্ষীয়ে পুনৰ কিশোৰীগৰাকী স্থানীয় দণ্ডাধীশৰ ওচৰত হাজিৰ কৰি বিবৃতি সংগ্ৰহ কৰিছে ৷ এই জঘন্য ঘটনা সংঘটিত অভিযুক্ত আৰু পত্নীৰ বিৰুদ্ধে আইপিচিৰ 376 (2)(এফ), 506, 509, 323, 313, 129 বি আৰু 34 ধাৰা আৰু পকচো আইনৰ 6/21 ধাৰাৰ অধীনত এখন এজাহাৰ দাখিল কৰিছে ৷

লগতে পঢ়ক:Merapani Murder case: ওৰে নিশা নিৰ্মম অত্যাচাৰ চলাই পথৰ কাষত পেলাই থ’লে যুৱকৰ মৃতদেহ

ABOUT THE AUTHOR

...view details