নেশ্যনেল ডেস্ক, 11 মাৰ্চ : বন্যপ্ৰাণী অভয়াৰণ্যৰ বাবে জনজাতীয় ভূমি চৰকাৰে অধিগ্ৰহণ কৰাক কেন্দ্ৰ কৰি মণিপুৰত শুকুৰবাৰৰ দিনটোত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ ৷ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰতিবাদকাৰীসকলে সাংবিধানিক বিধানক প্ৰত্যাহ্বান জনাইছে বুলি উল্লেখ কৰে । লগতে ৰাজ্যখনৰ নাগৰিকে পপি বাগিচা আৰু আফিং খেতিৰ বাবে সংৰক্ষিত বনাঞ্চল আৰু বন্যপ্ৰাণী অভয়াৰণ্য বেদখল কৰা বুলি কৰিলে উল্লেখ (Protest in Manipur for encroaching tribal lands)।
উল্লেখ্য যে ৰাজ্যখনৰ কাংপোকপি জিলাত সংৰক্ষিত বনাঞ্চল আৰু বন্যপ্ৰাণী অভয়াৰণ্যৰ বাবে জনজাতীয় ভূমি অধিগ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল শুকুৰবাৰে ৷ স্থানীয় লোকৰ প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে চেষ্টা চলোৱাত হিংসাত্মক সংঘৰ্ষৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় । 144 ধাৰা তথা প্ৰশাসনিক নিষেধাজ্ঞাক আওকান কৰি শুকুৰবাৰে কাংপকপি চহৰৰ থমাছৰ সমীপত খিলঞ্জীয়া জনজাতীয় নেতা মঞ্চ (আই টি এল এফ)কে ধৰি বিভিন্ন সংস্থাই আহ্বান কৰা প্ৰতিবাদী সমাৱেশৰ বাবে বৃহৎ সংখ্যক লোক সমবেত হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে (Indigenous Tribal Leaders’ Forum protest)।