আগৰতলা, ২৭ ফেব্ৰুৱাৰী :ত্ৰিপুৰাৰ ৰাজনৈতিক পৰিৱেশ ক্ৰমান্বয়ে বেয়াৰ ফালে ঢাল খাইছে । শাসকীয় বিজেপি আৰু বাকী বিৰোধী দলসমূহৰ মাজৰ সংঘৰ্ষই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । চিপিআই(এম)ৰ পাছত এইবাৰ কংগ্ৰেছৰ সৈতে বিজেপি দলৰ সংঘাত । দুয়োটা দলৰ মাজত হোৱা সংঘৰ্ষৰ ফলত আগৰতলা চহৰত উত্তেজনাময় পৰিৱেশ ।
কংগ্ৰেছৰ এখন সভাত বিজেপি কৰ্মীয়ে আক্ৰমণ কৰাৰ পাছতে সমগ্ৰ চহৰখনতে উত্তেজনা বৃদ্ধি পাইছে । শেহতীয়াকৈ কংগ্ৰেছত যোগদান কৰা বিজেপিৰ প্ৰাক্তন বিধায়ক সুদীপ ৰয় বৰ্মন, আশীষ কুমাৰ সাহাৰ নেতৃত্বত কংগ্ৰেছৰ এখন ৰাজহুৱা সভাত বিজেপি সমৰ্থিত গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । সম্প্ৰতি সামাজিক মাধ্যমত উক্ত ঘটনাৰ ভিডিঅ' ভাইৰেল হৈ পৰাৰ পাছতে পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে ।
উল্লেখ্য যে মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ সমষ্টি বনমালিপুৰ বিধানসভা সমষ্টিৰ কামাৰপুকুৰ পাৰত কংগ্ৰেছ দলে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিছিল । কিন্তু কংগ্ৰেছৰ এই ৰাজহুৱা সভাত একাংশ লোকে হেলমেট পৰিধান কৰি শিলগুটি নিক্ষেপ কৰে । কংগ্ৰেছৰ মতে এই আক্ৰমণ বিজেপিয়ে কৰিছে ।
ইয়াৰ পাছতে উত্তেজিত কংগ্ৰেছ কৰ্মীসকলে সমষ্টিটোত বিজেপিৰ এটা মণ্ডল কাৰ্যালয়ত আক্ৰমণ কৰে । প্ৰাক্তন বিধায়ক বৰ্মনে কয় যে আবেলি প্ৰায় ৪.৩০ মান বজাত যেতিয়া কংগ্ৰেছৰ সভা আৰম্ভ হৈছিল আৰক্ষীৰ সহায়ত বিজেপিৰ গুণ্ডা বাহিনীয়ে কংগ্ৰেছ নেতা-কৰ্মীসকলক আক্ৰমণ কৰে । শিলগুটি নিক্ষেপ কৰাৰ লগতে লাঠি লৈ আহিছিল গুণ্ডা বাহিনীয়ে । তেওঁলোকে প্ৰাক্তন বিধায়কগৰাকীক পিষ্টল দেখুৱাই ভাবুকি দিয়া বুলিও অভিযোগ কৰিছে বৰ্মনে ।