অসম

assam

ETV Bharat / bharat

তেলেংগানা বিধানসভা নিৰ্বাচন ২০২৩; ভোটকেন্দ্ৰত সংঘৰ্ষ, আৰক্ষীৰ লাঠিচালনা - assembly elections in Telangana 2023

সামগ্ৰিকভাৱে ৰাজ্যখনৰ ভোটদান প্ৰক্ৰিয়া শান্তিপূৰ্ণ যদিও কোনো কোনো ঠাইত বিক্ষিপ্ত ঘটনাও সংঘটিত হৈছে । শাসনাধিষ্ঠিত বিআৰএছ আৰু বিৰোধী নেতাসকলে ইজনে-সিজনক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । ইয়াৰে পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে হস্তক্ষেপ কৰিবলৈ বাধ্য হৈছে আৰু পৰিস্থিতি উত্তেজনাপূৰ্ণ হোৱাটো প্ৰতিহত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰি আছে ।

telangana assembly elections 2023
তেলেংগানা বিধানসভা নিৰ্বাচন ২০২৩

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 4:03 PM IST

তেলেংগানা নিৰ্বাচনত ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা

নিউজ ডেস্ক, ৩০ নৱেম্বৰ :বৃহস্পতিবাৰে অনুষ্ঠিত হৈছে তেলেংগানা বিধানসভা নিৰ্বাচন । নিৰ্বাচনৰ বাবে এক ৰাজ্যখনত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে । পুৱাৰে পৰা ভোটকেন্দ্ৰসমূহত ভোটাৰে ভিৰ কৰি তেওঁলোকৰ ভোটাধিকাৰ প্ৰয়োগ কৰিছে । আনহাতে, ৰাজ্যখনৰ চেলিব্ৰিটিসকলেও দীঘলীয়া শাৰীত থিয় হৈ সাধাৰণ ভোটাৰৰ সৈতে ভোটদান কৰিছে । ইফালে প্ৰতিগৰাকী নাগৰিককে এই নিৰ্বাচনী উৎসৱত অংশগ্ৰহণ কৰিবলৈ আৰু ভোটদান কৰিবলৈ বিশেষভাৱে আমন্ত্ৰণ জনোৱা হৈছে ।

সামগ্ৰিকভাৱে ৰাজ্যখনৰ ভোটদান প্ৰক্ৰিয়া শান্তিপূৰ্ণ যদিও কোনো কোনো ঠাইত বিক্ষিপ্ত ঘটনাও সংঘটিত হৈছে । শাসনাধিষ্ঠিত বিআৰএছ আৰু বিৰোধী নেতাসকলে ইজনে-সিজনক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । ইয়াৰে পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে হস্তক্ষেপ কৰিবলৈ বাধ্য হৈছে আৰু পৰিস্থিতি উত্তেজনাপূৰ্ণ হোৱাটো প্ৰতিহত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰি আছে ।

প্ৰাপ্ত তথ্য অনুসৰি, নিজামাবাদ জিলাৰ বোধানৰ বিজয়া মেৰী ভোটকেন্দ্ৰত এক উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয় । তাত কংগ্ৰেছ আৰু বিআৰএছ নেতাসকলৰ মাজত বিবাদৰ সূত্ৰপাত ঘটে । আৰক্ষীয়ে দুয়োপক্ষকে ছত্ৰভঙ্গ দিয়াবলৈ লাঠিচালনা কৰে ।

আনহাতে, জনগমৰ ২৪৫ নম্বৰ ভোটকেন্দ্ৰতো উত্তেজনাৰ সৃষ্টি হয় । কংগ্ৰেছ, চিপিআই, বিজেপি আৰু বিআৰএছৰ কৰ্মী মাজত তাত সংঘৰ্ষৰ সৃষ্টি হয় । সকলো দলৰ নেতাই ইজনে সিজনক আক্ৰমণ কৰে । লগে লগে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ লাঠিচালনা কৰে । ইয়াৰ ফলত দলৰ নেতাসকল ক্ষুব্ধ হৈ পৰে যদিও পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হয় । ৰাঙাৰেড্ডী জিলাৰ ইব্ৰাহিমপট্টনম খানাপুৰত কংগ্ৰেছ আৰু বিআৰএছ কৰ্মীৰ মাজত কাজিয়াৰ সৃষ্টি হয় । এই ঘটনাতো আৰক্ষীয়ে লাঠিচালনা কৰিবলগা হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে ।

যোগুলাম্বা গাডৱালা জিলাৰ আইজা চৰকাৰী বিদ্যালয়ৰ ভোটকেন্দ্ৰতো এক বিবাদৰ ঘটনা সংঘটিত হয় । তাত আৰক্ষীৰ সৈতে কংগ্ৰেছ নেতা সংঘৰ্ষত লিপ্ত হয় । আনহাতে, কংগ্ৰেছৰ নেতাসকলে এই কথাত উদ্বেগ প্ৰকাশ কৰে যে বিআৰএছৰ নেতাসকলে ভোটাৰক প্ৰলোভিত কৰিছে । নগৰ কুৰনুল জিলাৰ আমৰাবাদ মণ্ডলৰ মান্নানুৰ ভোটকেন্দ্ৰতো সংঘৰ্ষ হয় । ভাৰত ৰাষ্ট্ৰ সমিতি আৰু কংগ্ৰেছৰ কৰ্মীসকলৰ মাজত এই সংঘৰ্ষ হয় । দুয়োটা দলেই ভোটাৰসকলক প্ৰভাৱিত কৰা বুলি ইটোৱে সিটো দলৰ বিৰুদ্ধে অভিযোগ কৰে । ইয়াৰ পিছতে আৰক্ষীয়ে হস্তক্ষেপ কৰি দুয়োপক্ষকে ছত্ৰভঙ্গ দিয়ায় ।

আনহাতে, এলাৰু সমষ্টিৰ য়াদাগিৰিগুট্টা মণ্ডলৰ মাল্লাপুৰম গাঁৱতো সামান্য উত্তেজনাৰ সৃষ্টি হয় । কংগ্ৰেছে উদ্বেগ প্ৰকাশ কৰে যে নিৰ্বাচনী এজেণ্টবোৰে ভোটকেন্দ্ৰত প্ৰচাৰ চলাইছে । আৰক্ষীয়ে লগে লগে ইয়াৰ সঁহাৰি জনাই এজেণ্টসকলক বাহিৰলৈ উলিয়াই পঠিয়ায় । অৱশ্যে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা যাতে সংঘটিত নহয় আৰু শান্তিপূৰ্ণভাৱে ভোটদান প্ৰক্ৰিয়া সম্পন্ন হয় তাৰ বাবে আৰক্ষীয়ে ভোটকেন্দ্ৰসমূহত কঠোৰ নিৰাপত্তা ব্যৱস্থা হাতত লৈছে ।

লগতে পঢ়ক :বিজেপি, কংগ্ৰেছ, বি আৰ এছৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ মাজত তেলেংগানাত আৰম্ভ ভোটদান প্ৰক্ৰিয়া

ABOUT THE AUTHOR

...view details