নিউজ ডেস্ক, ৫ আগষ্ট :শুকুৰবাৰে অন্ধ্ৰপ্ৰদেশৰ অন্নমায়াত টিডিপি সভাপতি এন চন্দ্ৰবাবু নাইডুৰ এক ৰেলীৰ সময়ত তেলেগু দেশম পাৰ্টী (টিডিপি) আৰু যুৱজনা শ্ৰমিকা ৰাইথু কংগ্ৰেছ পাৰ্টীৰ (ৱাইএছআৰচিপি) কৰ্মীসকলৰ মাজত তীব্ৰ সংঘৰ্ষৰ সৃষ্টি হয় । সংঘৰ্ষৰ সময়ত দুয়োটা দলৰ কৰ্মীয়ে ইজনে সিজনৰ ওপৰত শিলবৰ্ষণ কৰে । আনহাতে, সংঘৰ্ষ আৰম্ভ হোৱাৰ পিছতে ঘটনাস্থলীত বৃহৎ মাত্ৰাত আৰক্ষী বাহিনী মোতায়েন কৰা হয় । এই ঘটনাত দুয়োপক্ষৰে বহু কৰ্মী আহত হয় ।
উল্লেখ্য যে আগন্তুক বৰ্ষত অনুষ্ঠিত হ'ব অন্ধ্ৰপ্ৰদেশ বিধানসভাৰ নিৰ্বাচন । তাৰেই প্ৰস্তুতি হিচাপে চন্দ্ৰবাবু নাইডুৱে তেওঁৰ প্ৰচাৰ কাৰ্যসূচীৰ অংশ হিচাপে ৰাজ্যখনৰ বিভিন্ন জিলা ভ্ৰমণ কৰি আছে । তেনে এক কাৰ্যসূচীৰ সময়তে দুয়োটা দলৰ কৰ্মীসকলৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটে ।
ইতিমধ্যে এই সংঘৰ্ষৰ বিভিন্ন ফটো আৰু ভিজুৱেল সামাজিক মাধ্যমত বিয়পি পৰিছে । তাত দেখা গৈছে যে উগ্ৰ সমৰ্থকে এখন বাছ বগৰাই দি তাত অগ্নিসংযোগ কৰিছে । আনহাতে, দুয়োটা দলৰ কৰ্মীসকলৰ মাজত শিল নিক্ষেপৰ ঘটনাও সংঘটিত হয় ।
আনহাতে, এই সংঘৰ্ষৰ ফলত কিছু লোক আহত হৈছে । পৰৱৰ্তী সময়ত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক ছত্ৰভঙ্গ দিয়াবলৈ লাঠিচালনা কৰিবলৈও বাধ্য হয় ।