নেশ্য়নেল ডেস্ক, 14 ডিচেম্বৰ :মধ্য প্ৰদেশৰবালাঘাটত বৃহস্পতিবাৰে পুৱা আৰক্ষী আৰু নক্সালবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা সংঘটিত হৈছে ৷ এই সংঘৰ্ষত এটা নক্সালবাদী নিহত হৈছে বুলি জানিব পৰা গৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি, সৈন্যসকলে বালাঘাট জিলাৰ গড়ী আৰক্ষী থানাৰ অন্তৰ্গত চূপখৰৰ খামকোডাদাৰ বনাঞ্চলত আৰক্ষী আৰু নক্সালবাদীৰ এটা দলৰ সৈতে সংঘৰ্ষ সংঘটিত হয় ৷ এই সংঘৰ্ষত মাদকমা হিদমা ওৰফে চেতু (25) নামৰ এটা নক্সালবাদীক হত্যা কৰা হৈছে ৷ চেতু ছত্তীশগড়ৰ বিজাপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷
আজি পুৱা কিছু নক্সালবাদীয়ে মতিনালাৰ সমীপৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই আনি থকাৰ সময়তেই আৰক্ষীৰ দলটোৰ সৈতে মুখামুখি হয় ৷ ফলত নক্সালবাদীয়ে প্ৰথমে আৰক্ষীলৈ উদ্দেশ্যি গুলীবৰ্ষণ কৰে ৷ নক্সালবাদীৰ গুলীচালনাৰ প্ৰতিক্ৰিয়াত আৰক্ষীয়েও গুলীচালনা কৰে ৷ ফলত আৰক্ষীৰ গুলীত এটা নক্সালবাদী নিহত হয় ৷