নেশ্যনেল ডেস্ক, ১০ জুন : ‘‘মোৰ গৰম লাগিছে ৷ মোক অলপ শীতল বতাহৰ প্ৰয়োজন আছিল ৷ সেয়ে জিলা উপায়ুক্তৰ আসনখন খালী আছিল বাবেই মই তাত বহি শীতল বতাহৰ আনন্দ ল’লো ৷ তাতে হৈ-চৈ কৰিবলৈ কি হ’ল ৷’’ এতিয়া হয়তো সকলোৰে মনত প্ৰশ্ন হৈছে, কোনে কৈছে এই কথাষাৰ ? এয়া এগৰাকী কংগ্ৰেছ কৰ্মীৰ ভাষ্য ৷
প্ৰকৃততে, শনিবাৰে জয়পুৰ হেৰিটেজ পৌৰ নিগমৰ ৪৭ নং ৱাৰ্ডত আয়োজন কৰা হৈছিল এক মুদ্ৰাস্ফীতি সাহায্য শিবিৰ ৷ এই শিবিৰত প্ৰশাসনৰ বিষয়ববীয়াৰ সৈতে উপস্থিত হৈছে কংগ্ৰেছ আৰু বিজেপিৰ বহু কৰ্মীও ৷ সকলো ঠিকেই চলি আছিল ৷ কিন্তু অত্যাধিক গৰম পৰা ৰক্ষা পাবলৈ কংগ্ৰেছ কৰ্মী ৰাহুল ছেঠীয়ে জিলা উপায়ুক্তগৰাকীৰ বাবে সংৰক্ষিত হৈ থকা আসনত বহে ৷ এই অভিযোগ উত্থাপন কৰে কাউন্সিলাৰ ৰেখা ৰাথোৰে (Clash between congress workers and local councilor in Jaipur) ৷
তাৰ পাচতে কাউন্সিলাৰ ৰেখা ৰাথোৰে উপায়ুক্তগৰাকীৰ বাবে সংৰক্ষিত হৈ থকা আসনত বহাৰ বাবে কংগ্ৰেছ কৰ্মী ৰাহুল ছেঠীক প্ৰশ্ন কৰে ৷ তেতিয়া কংগ্ৰেছ কৰ্মীগৰাকীয়ে প্ৰশ্নৰ উত্তৰত কাউন্সিলাৰগৰাকীক অভব্য আচৰণ কৰাহে অভিযোগ উত্থাপন হয় ৷ এই অভিযোগ উত্থাপন কৰে কাউন্সিলাৰ ৰেখা ৰাথোৰে ৷ এই লৈ দুয়োগৰাকীৰ মাজত সৃষ্টি হয় বাক-বিতণ্ডাৰ ৷ আনকি পৰৱৰ্তী সময়ত কাউন্সিলাৰ ৰেখা ৰাথোৰে কংগ্ৰেছ কৰ্মী ৰাহুল ছেঠীৰ বিৰুদ্ধে ছ’ডালা থানাত দাখিল কৰে এক গোচৰ (Woman councilor alleges indecency case registered) ৷