অসম

assam

ETV Bharat / bharat

Next CJI DY Chandrachud: দেশৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশৰ পদত ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদ - CJI UU Lalit recommends Justice DY Chandrachud

ডি ৱাই চন্দ্ৰচুদক ২০১৬ চনৰ ১৩ মে’ত শীৰ্ষ আদালতৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল । তাৰ পূৰ্বে ২০১৩ বৰ্ষৰ ৩১ অক্টোবৰৰ পৰা শীৰ্ষ আদালতত নিযুক্তি পোৱালৈকে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ইয়াৰ পূৰ্বে চন্দ্ৰচুদে বোম্বাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে (২০০০) আৰু ভাৰতৰ অতিৰিক্ত ছলিচিটৰ জেনেৰেল (১৯৯৮) হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে (Chief Justice of India Justice DY Chandrachud) । তেওঁ বম্বে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত অধিবক্তা হিচাপে আইন চৰ্চা কৰিছিল ।

CJI UU Lalit recommends Justice DY Chandrachud as next CJI
CJI Justice: দেশৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ হিচাবে নিৰ্বাচিত হ'ল ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদ

By

Published : Oct 11, 2022, 3:31 PM IST

নেশ্যনেল ডেস্ক, 11 অক্টোবৰ : ভাৰতৰ মুখ্য ন্যায়াধীশ ইউ ইউ ললিতে ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদক তেওঁৰ উত্তৰাধিকাৰী হিচাপে নিযুক্তি প্ৰদান কৰে (Chief Justice of India Justice DY Chandrachud)। ন্যায়াধীশ চন্দ্ৰচুদ হ’ব দেশৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ (50th CJI) । চলিত বৰ্ষৰ ৮ নৱেম্বৰত অৱসৰ ল’ব মুখ্য ন্যায়াধীশ ইউ ইউ ললিতে (Chief Justice UU Lalit)।

নাম ৰাজহুৱা কৰাৰ পূৰ্বে মুখ্য ন্যায়াধীশে সকলো বিচাৰকক ন্যায়াধীশৰ জিৰণি গৃহত একত্ৰিত হ’বলৈ আহ্বান জনায় । ন্যায়াধীশ চন্দ্ৰচুদ উচ্চ ন্যায়ালয়ৰ বৰ্ষীয়ান ন্যায়াধীশ আৰু ন্যায়ালয়ৰ নীতি-নিয়ম অনুসৰি সবাতোকৈ জ্যেষ্ঠ ন্যায়াধীশগৰাকীকে নিযুক্তি দিয়া হয় মুখ্য ন্যায়াধীশ হিচাপে ।

২০১৬ চনৰ ১৩ মে’ত তেওঁ শীৰ্ষ আদালতৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল । তাৰ পূৰ্বে তেওঁ ২০১৩ চনৰ ৩১ অক্টোবৰৰ পৰা শীৰ্ষ আদালতত নিযুক্তি পোৱালৈকে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল (Chief Justice of Allahabad High Court) । ইয়াৰ পূৰ্বে তেওঁ বোম্বাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে (Bombay High Court) (২০০০) আৰু ভাৰতৰ অতিৰিক্ত ছলিচিটৰ জেনেৰেল (১৯৯৮) হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে ।

ন্যায়াধীশ চন্দ্ৰচুদে বোম্বে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত অধিবক্তা হিচাপে কাৰ্যনিবাহ কৰিছিল । সুদূৰপ্ৰসাৰী ন্যায়িক সিদ্ধান্ত প্ৰদানেৰে ইতিমধ্যে ডি ৱাই চন্দ্ৰচুদে সচেতন মহলত বিশেষ সমাদৰ লাভ কৰা পৰিলক্ষিত হৈছে । তেওঁৰ দ্বাৰা প্ৰদান কৰা উল্লেখযোগ্য কেইটমান ৰায়দান হ'ল ৩৭৭ ধাৰা বাতিলকৰণ, অযোধ্যা ৰায়দান আৰু ছাবৰিমালা মন্দিৰত মহিলাক প্ৰৱেশৰ অনুমতি দিয়া আদি । ইউ ইউ ললিত চুপ্ৰিম কোৰ্টৰ ন্যায়াধীশ হৈ থকাৰ সময়ত তেওঁ নিজৰ পিতৃ ন্যায়াধীশ ৱাই ভি চন্দ্ৰচুডে প্ৰদান কৰা দুটা ডাঙৰ ৰায়ো বাতিল কৰিছিল ।

এগৰাকী যুক্তিবাদী আৰু নিৰপেক্ষ ন্যায়াধীশ হিচাপে ডি ৱাই চন্দ্ৰচুদৰ আছে বিশেষ সুনাম, যিয়ে প্ৰায়ে চৰকাৰী কাম-কাজৰ নিৰীক্ষণ কৰাৰ লগতে চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰে । জ্যেষ্ঠ আইনজীৱীসকল ন্যায়ালয়ত উপস্থিত নাথাকিলেও যুৱ অধিবক্তাসকলক যুক্তি দিবলৈ অৰ্থাৎ মোকদৰ্মা চলাই যাবলৈ উৎসাহিত কৰে যাতে বিষয়টো স্থগিত ৰখা নহয় আৰু আদালতৰ কাম-কাজ ক্ষীপ্ৰতাৰে নিষ্পত্তি কৰিব পৰা যায় ৷ ইয়াৰ দ্বাৰা অধিবক্তাসকলৰ দক্ষতাও উন্নীত হ’ব বুলি নৱনিযুক্ত ন্যায়াধীশগৰাকীয়ে কয় ।

মুখ্য ন্যায়াধীশ ইউ ইউ ললিতে দায়িত্ব লোৱাৰ পাছৰে পৰা প্ৰতিদিনে বৃহৎসংখ্যক গোচৰ তালিকাভুক্ত কৰা হয় আৰু ন্যায়াধীশ চন্দ্ৰচুদৰ বিচাৰপীঠ আদালতত বহু দেৰিলৈকে বহি থকা দেখা যায় । আনকি নিশা ৯ বজালৈকে আদালততে দেখিবলৈ পোৱা যায় ন্যায়াধীশ ইউ ইউ ললিতক । উল্লেখ্য যে, সাধাৰণতে আদালতৰ কৰ্ম সময় সন্ধিয়া ৪ বজাত শেষ হয় যদিও ন্যায়াধীশগৰাকীয়ে নিৰ্ধাৰিত সময়ত ঘৰলৈ উভতি যোৱাটো আছিল এক বিৰল ঘটনা ৷ কাৰণ পৰৱৰ্তী শুনানিৰ বাবে প্ৰয়োজন কিছু প্ৰস্তুতিৰ ।

২০২২ বৰ্ষৰ ৯ নৱেম্বৰৰ দিনা ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুডে শপত গ্ৰহণ কৰিব আৰু দুবছৰলৈকে কাৰ্যভাৰ গ্ৰহণ কৰি থাকিব । বৰ্তমানৰ চি জি আই ইউ ইউ ললিতে মাত্ৰ দুমাহতকৈ অলপ বেছি সময় কাৰ্যনিবাহ কৰিছিল আৰু তেওঁৰ পূৰ্বৰ ন্যায়াধীশ এন ভি ৰমনাই কাৰ্যনিবাহ কৰিছিল এবছৰ । ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি জ্যেষ্ঠ ন্যায়াধীশক নিযুক্তি দিয়া হয় আৰু তেওঁ অৱসৰৰ বয়স ৬৫ বছৰ পূৰণ নকৰালৈকে কাৰ্যভাৰ গ্ৰহণ কৰি থাকে ।

লগতে পঢ়ক:Delhi Rainfall: নতুন ৰেকৰ্ড গঢ়িলে দিল্লীৰ বৰষুণে

ABOUT THE AUTHOR

...view details