অসম

assam

ETV Bharat / bharat

আইনৰ স্নাতকসকললৈ বিশেষ আহ্বান মুখ্য ন্যায়াধীশৰ ? - CJI at National Law University in Odisha

ওড়িশাৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ নৱম সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতে (CJI at National Law University in Odisha)। শিক্ষাৰ্থীসকলক আইনী সহায়ৰ কামত অধিক সময় আৰু শক্তি প্ৰয়োগ কৰিবলৈ তেওঁ আহ্বান জনায় । অনুষ্ঠানত মুঠ ২২১ গৰাকী স্নাতকক ডিগ্ৰী প্ৰদান কৰা হয় ।

CJI
আইনৰ স্নাতকসকললৈ বিশেষ আহ্বান মুখ্য ন্যায়াধীশৰ

By

Published : Sep 18, 2022, 6:17 PM IST

নেশ্যনেল ডেস্ক,১৮ ছেপ্টেম্বৰ :আইনৰ স্নাতকসকললৈ বিশেষ আহ্বান জনাইছে দেশৰ মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতে । শিক্ষাৰ্থীসকলক আইনী সহায়ৰ কামত অধিক সময় আৰু শক্তি প্ৰয়োগ কৰিবলৈ আহ্বান জনাই ভাৰতৰ মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে, দেশত আইনী সাহায্যৰ কামবোৰক লৈ কেতিয়াবা অৱহেলা কৰা দেখা যায় (CJI urges law student)। ওড়িশাস্থিত ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ নৱম সমাৱৰ্তন অনুষ্ঠানত (9th convocation of National Law University) অংশ লৈ এই মন্তব্য কৰে মুখ্য ন্যায়াধীশগৰাকীয়ে ।

সমবেত লোকসকলক সম্বোধন কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে স্নাতকসকলক বৃত্তিটোৰ প্ৰতি আগ্ৰহ দেখুৱাবলৈ আৰু দেশৰ জনসাধাৰণৰ প্ৰতি সহানুভূতিশীল হ'বলৈ আহ্বান জনায় (CJI at National Law University in Odisha)। তেওঁ লগতে কয় যে, এবছৰ ধৰি তেওঁ ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণৰ সৈতে জড়িত হৈ আছে । এই সময়ত তেওঁ লক্ষ্য কৰিছে যে দেশত আইনী সাহায্যৰ কামে কেতিয়াবা অৱহেলাৰ সন্মুখীন হয় । তেনে পৰিস্থিতিত সমাজে প্ৰতিটো ক্ষণতে আইনী সেৱাৰ সৈতে জড়িতসকলৰ পৰা সহায়ৰ অপেক্ষা কৰি থাকে ।

তেওঁ কয় যে, নাগৰিকৰ অধিকাৰ অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত আইনৰ বৃত্তি অন্যতম আগশাৰীৰ বৃত্তি । তেওঁৰ মতে প্ৰতিখন সমাজৰ ইতিহাস চালে দেখা যায় যে যিকোনো ধৰণৰ অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ আইনীভাৱে প্ৰশিক্ষিত লোকবোৰ সদায় পথ প্ৰদৰ্শক আৰু আকৰ্ষণৰ কেন্দ্ৰ হৈ আহিছে ।

আইনৰ শিক্ষাৰ্থীসকলক উদ্দেশ্যি তেওঁ কয় যে, আনকি দেশৰ বহু স্বাধীনতা সংগ্ৰামী আৰু আইন প্ৰণেতা পূৰ্ব পুৰুষসকলো আইনী বৃত্তিৰ সৈতে জড়িত আছিল আৰু সেইসকলেই দেশৰ ভৱিষ্যৎ গঢ়িবলৈ চেষ্টা কৰিছিল । উল্লেখ্য যে ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ নৱম সমাৱৰ্তন অনুষ্ঠানত মুঠ ২২১ গৰাকী স্নাতকক ডিগ্ৰী প্ৰদান কৰা হয় ।

লগতে পঢ়ক :চিতাইহে কেৱল চিতা আনিব, কুকুৰক নহয় : সাংসদ সাক্ষী মহাৰাজ

ABOUT THE AUTHOR

...view details