নিউজ ডেস্ক, 14 মাৰ্চ:UDAN 4.1ৰ অধীনত ভাৰতীয় অসামৰিক বিমান মন্ত্ৰণালয়ে ‘আজাদী কা অমৃত’ মহোৎসৱৰ শুভাৰম্ভৰ বাবে ইয়াৰ ফ্লেগশ্বিপ আঁচনীৰ অধীনত 392 টা নতুন পথ প্ৰস্তাৱিত কৰিছে ৷ ভাৰতীয় অসামৰিক বিমান মন্ত্ৰণালয়ৰ এক বিবৃতিত প্ৰকাশ পাইছে যে,‘ইচ্ছুক এয়াৰলাইন সমূহৰ ক্ষেত্ৰত নিলামৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ National Informatics Centreৰ কেন্দ্ৰীয় সংগ্ৰহ প’ৰ্টেলত আপলোড কৰা হৈছে ৷’
ভাৰতীয় অসামৰিক বিমান মন্ত্ৰণালয়ৰ যুটীয়া সম্পাদক উষা পাধীয়ে কয় যে, ‘চাৰিটাকৈ সফল নিলামীৰ পিছত UDAN 4.1ৰ নিলামীৰ বাবে সেইসমূহ পথক বাচনি কৰা হৈছে যিসমূহ পূৰ্বতে UDANৰ অন্তৰ্ভূক্ত কৰা হোৱা নাছিল ৷ এই নিলামীৰ বাবে বাচনি কৰা পথসমূহৰ বাবে ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰশাসন আৰু অন্যন্য বাতিল হোৱা পথসমূহে অনুৰোধ জনাইছিল ৷’