অসম

assam

ভাৰতীয় শিখসকলৰ লাহোৰ ভ্ৰমণৰ অনুমতি প্ৰত্যাখান পাকিস্তানৰ

By

Published : Jun 17, 2021, 9:41 AM IST

মহাৰাজা ৰঞ্জিত সিঙৰ মৃত্যু বাৰ্ষিকীত লাহোৰ যাব বিচৰা ভাৰতীয় শিখসকলক লাহোৰ ভ্ৰমণত অনুমতি প্ৰদানত অস্বীকাৰ পাকিস্তানৰ ৷ শিখ তীৰ্থযাত্ৰীসকলৰ 'জাথা' (দল) 21 জুনত পাকিস্তানলৈ ৰাওনা হোৱাৰ কথা আছিল ৷ 29 জুনত মহাৰাজা ৰঞ্জিত সিঙৰ মৃত্যু বাৰ্ষিকী পালন কৰাৰ পাচত 30 জুনত তীৰ্থযাত্ৰীসকলৰ দলটো ভাৰতলৈ উভতি অহাৰ কথা আছিল ৷

Pak denies permission to Indian Sikhs
ভাৰতীয় শিখসকলৰ লাহোৰ ভ্ৰমণৰ অনুমতি প্ৰত্যাখান পাকিস্তানৰ

নেচনেল ডেস্ক, 17 জুন: শ্বেৰ-ই-পঞ্জাৱ (Sher-e-Punjab ) মহাৰাজা ৰঞ্জিত সিঙৰ মৃত্যু বাৰ্ষিকী পালন কৰিবলৈ প্ৰতি বছৰে লাহোৰস্থিত গুৰুদ্বাৰা শ্ৰী ডেহৰা চাহিব ভ্ৰমণ কৰা শিখ তীৰ্থযাত্ৰীসকলৰ 'জাথা' (দল)এ এই বছৰ পাকিস্তান ভ্ৰমণ কৰিব নোৱাৰিব ৷ বুধবাৰে শিৰোমণি গুৰুদ্বাৰা পৰিবন্ধক সমিতিয়ে (SGPC)এ এই কথা সদৰী কৰে ৷ সমিতিখনে এক বিবৃতিযোগে কয় যে, ক'ভিড-১৯ মহামাৰীৰ বাবে পাকিস্তান চৰকাৰে 'জাথা'ৰ লাহোৰ ভ্ৰমণৰ অনুমতি প্ৰত্যাখ্যান কৰিছে ৷

শিৰোমণি গুৰুদ্বাৰা পৰিবন্ধক সমিতিৰ যাত্ৰা বিভাগে পাকিস্তান শিখ গুৰুদ্বাৰা পৰিবন্ধক সমিতিৰ (পিএছজিপিচি)ৰ সভাপতি সাতৱন্ত সিঙৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰিছিল ৷ উক্ত বাৰ্তালাপতে সিঙে ক'ভিডসৃষ্ট পৰিস্থিতিৰ বাবে শ্বেৰ-ই-পঞ্জাৱ মহাৰাজা ৰঞ্জিত সিঙৰ মৃত্যু বাৰ্ষিকী পালন কৰিবলৈ প্ৰতিবছৰে পাকিস্তানলৈ যোৱা ভাৰতীয় শিখসকলৰ 'জাথা'ক পাকিস্তান চৰকাৰে অনুমতি প্ৰদান কৰা নাই বুলি জানিবলৈ দিছে ৷

সিঙে জানিবলৈ দিয়া মতে, 29 জুনত মহাৰাজা ৰঞ্জিত সিঙৰ মৃত্য বাৰ্ষিকী পালন কৰাৰ বাবে 'জাথা' 21 জুনত পাকিস্তানলৈ ৰাওনা হোৱাৰ পাচত 30 জুনত উভতি অহাৰ কথা আছিল ৷ সম্প্ৰতি, এছজিপিচিৰ যাত্ৰা বিভাগে মহাৰাজা ৰঞ্জিত সিঙৰ মৃত্যু বাৰ্ষিকী পালন কৰাৰ উদ্দেশ্যে পাকিস্তানলৈ যোৱাৰ বাবে পাছপোৰ্ট জমা দিয়া তীৰ্থযাত্ৰীসকলক যাত্ৰা বিভাগৰ পৰা তেওঁলোকৰ নথি-পত্ৰ সংগ্ৰহ কৰাৰ বাবে আহ্বান জনাইছে ৷

লগতে পঢ়ক:ৰাম মন্দিৰৰ ভূমি ক্ৰয় কেলেংকাৰীৰ বাবে দেশবাসী লজ্জিত:ডি কে শিৱকুমাৰ

ABOUT THE AUTHOR

...view details