অসম

assam

ETV Bharat / bharat

চিআইএছএফক দিয়া হ'ব নেকি সংসদ ভৱনৰ নিৰাপত্তাৰ দায়িত্ব ? - Parliament news

Parliament security breach: কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা সংস্থা চিআইএছএফক সংসদ ভৱনৰ নিৰাপত্তাৰ দায়িত্ব দিয়াৰ বাবে চিন্তা কৰিছে কেন্দ্ৰীয় চৰকাৰে । এই সন্দৰ্ভত চৰকাৰে কেন্দ্ৰীয় সংস্থাসমূহৰ সৈতে আলোচনা কৰিছে ।

CISF to be deployed for comprehensive security of Parliament
চিআইএছএফক দিয়া হ'ব নেকি সংসদ ভৱনৰ নিৰাপত্তাৰ দায়িত্ব

By ANI

Published : Dec 21, 2023, 3:50 PM IST

নেশ্যনেল ডেস্ক,২১ ডিচেম্বৰ :শেহতীয়াকৈ সংসদ ভৱনৰ নিৰাপত্তা উলংঘনক লৈ দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া চলিছে । ইফালে সংসদ ভৱনৰ অতিৰিক্ত নিৰাপত্তাৰ দায়িত্ব চিআইএছএফক প্ৰদান কৰাৰ চিন্তা-চৰ্চাও চলিছে । কেন্দ্ৰীয় চৰকাৰে সংসদ ভৱনৰ ব্যাপক নিৰাপত্তা প্ৰদান কৰাৰ বাবে সংশ্লিষ্ট অংশীদাৰসকলৰ সৈতে আলোচনা অব্যাহত ৰাখিছে । চৰকাৰী সূত্ৰৰ মতে শেহতীয়াকৈ দিল্লী আৰক্ষী, গৃহ মন্ত্ৰালয়, চিআইএছএফ, চিআৰপিএফ আৰু অন্যান্য সংশ্লিষ্ট বিভাগৰ বিষয়াসকলে এখন বৈঠকত মিলিত হৈ এই সন্দৰ্ভত আলোচনা কৰিছে ।

সূত্ৰৰ মতে বিষয়টোৰ ওপৰত চূড়ান্ত সিদ্ধান্ত অহা সপ্তাহত আন এক পৰ্যায়ৰ বৈঠকত লোৱা হ'ব । অৱশ্যে, যোৱা বৈঠকত দুটা বিষয়ৰ ওপৰত মুখ্যভাৱে আলোচনা কৰা হৈছিল । এটা হ'ল চিআইএছএফক সংসদৰ ব্যাপক নিৰাপত্তাৰ দায়িত্ব হস্তান্তৰৰ পৰামৰ্শ আৰু আনটো হৈছে কিছু স্থানত দিল্লী আৰক্ষীৰ নিৰাপত্তা কৰ্মীসকলক দায়িত্ব দিয়া ।

চিআইএছএফক নিয়োজিত কৰাৰ পূৰ্বে ইনপুট সংগ্ৰহ কৰাৰ বাবে সংসদ ভৱন কমপ্লেক্সৰ জৰীপৰ বাবেও এক নিৰ্দেশ জাৰি কৰা হৈছে । ১৩ ডিচেম্বৰত সংঘটিত সংসদৰ নিৰাপত্তা উলংঘনৰ ঘটনাত ৮ জন নিৰাপত্তা কৰ্মীক নিলম্বন কৰাৰ পাছতে সংসদৰ নিৰাপত্তাৰ দায়িত্ব সলনি কৰাৰ বাবে বৈঠকখন অনুষ্ঠিত হয় ।

ঘটনাটোত ইতিমধ্যে ৪ জন লোকক সন্ত্ৰাসবাদ বিৰোধী বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ (ইউএপিএ) অধীনত অভিযুক্ত কৰা হৈছে । ধৃত লোককেইজন হৈছে মনোৰঞ্জন ডি, আমোল শ্বিদে, নীলম দেৱী আৰু সাগৰ শৰ্মা ।

ইফালে সংসদৰ নিৰাপত্তা উলংঘনৰ পাছত লোকসভাৰ মহাসচিবে নিৰাপত্তাৰ পৰ্যালোচনা সন্দৰ্ভত গৃহ মন্ত্ৰালয়লৈ পত্ৰ লিখিছিল আৰু পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে দৰ্শনাৰ্থী গেলেৰীৰ বাবে কোনো পাছ জাৰী কৰা নহ'ব বুলি সিদ্ধান্ত লোৱা হৈছিল ।

লোকসভা সচিবালয়ৰ অনুৰোধত, গৃহ মন্ত্ৰালয়ে ১৩ ডিচেম্বৰত সংসদৰ নিৰাপত্তা উলংঘনৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে আৰু কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (চিআৰপিএফ) সঞ্চালক প্ৰধান অনীশ দয়াল সিঙৰ অধীনত অন্যান্য নিৰাপত্তা সংস্থা আৰু বিশেষজ্ঞৰ সদস্যসকলৰ সৈতে এক তদন্ত সমিতি গঠন কৰা হয় ।

লগতে পঢ়ক :সংসদৰ নিৰাপত্তা ভংগৰ গোচৰ; শৈকৃষ্ণ জাগালীক আটক

ABOUT THE AUTHOR

...view details