অসম

assam

By

Published : Aug 13, 2023, 10:49 PM IST

ETV Bharat / bharat

Children throws into Water: সুৰামত্ত CISF জোৱানে পানীত দলিয়ালে তিনি শিশুসহ কিশোৰক

এগৰাকী চিআইএছএফ জোৱানে কিশোৰসহ 3 শিশুক পানীলৈ দলিয়াই দিয়াৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে ৷ স্থানীয় লোকে তিনিওগৰাকীকে জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

CISF Allegedly Throwing Children into Feeder Canal
সুৰামত্ত CISF জোৱানে পানীত দলিয়ালে তিনি শিশুসহ কিশোৰক

নেশ্যনেল ডেস্ক, 13 আগষ্ট: পশ্চিমবংগৰ মুৰ্ছিদাবাদ জিলাৰ চি আই এছ এফ ঘাটত ভয়ংকৰ ঘটনা সংঘটিত হয় ৷ এগৰাকী চিআইএছএফ জোৱানে কিশোৰসহ 3 শিশুক পানীলৈ দলিয়াই দিয়াৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে ৷ স্থানীয় লোকে তিনিওগৰাকীকে জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ গাঁৱবাসীয়ে অভিযোগ উত্থাপন কৰা অনুসৰি জোৱানজনে সেই সময়ত সুৰাপান কৰি আছিল ৷

ইফালে অভিযুক্ত চিআইএছএফ জোৱানে এই কথা স্বীকাৰ কৰি কয় যে, তেওঁ এটা শিশুক ডিঙিত ধৰি ফিডাৰ কেনেলত পেলাই দিয়াটো সঁচা, বাকী দুজনক পানীলৈ নিজেই লৈ গৈছিল জোৱানজনে ৷ কিন্তু তেওঁ শিশুটোক বুৰাই হত্যা কৰা কথা ভবা নাছিল ৷ জোৱানজনৰ মতে, তেওঁ দুপৰীয়াৰ আহাৰৰ পিচত টিফিন বাকচটো ধুবলৈ ওলাই যাঁওতে তেতিয়া তেওঁক উদ্দেশ্যি তিনি কিশোৰে বঙালী ভাষাত গালি, গালাজ পাৰাৰ লগতে তেওঁক উপহাস কৰাৰ গীত পৰিৱেশন কৰি ভেঙুচালি কৰিছিল ৷

জোৱানজনে টিফিন বাকচটো ধুই কেনেলটোৰ পৰা উঠি যোৱাৰ পৰত শিশুসহ কিশোৰ তিনিটাক কৈছিল, সিহঁতে সাঁতুৰিবলৈ হ’লে পানীত নামিব লাগিব, যদি তেওঁলোকে সাঁতুৰিব নোৱাৰে এনেদৰে ভেঙুচালি নকৰি তাৰ পৰা যাবগৈ লাগিব ৷ এই কথাকে শুনি তিনিওৱে সাঁতুৰিবলৈ মালাঞ্চাৰ চিআইএছএফ ঘাটলৈ আহিছিল ৷

সেই সময়ত, এজন শিশুৱে সাঁতুৰি কোনোমতে পাৰলৈ উঠি আহিবলৈ সক্ষম হ’ল ৷ কিন্তু বাকী দুজনে সাঁতুৰিব নোৱাৰাত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷ লগে লগে সেই স্থানত থকা স্থানীয় লোকে তৎক্ষণাত পানীত নামি শিশু দুটাক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ কিন্তু ইয়াৰে এটি শিশু গুৰুতৰভাৱে অসুস্থ হৈ পৰে ৷ এই ঘটনাৰ পিচতে গাঁৱবাসী খঙত জাঙুৰ খাই উঠে ৷

গাঁৱবাসীয়ে কয় যে, শিশুকেইটাই নিজৰ মাজত খেলি আছিল আৰু জোৱানজনে বঙালী ভাষা বুজি পোৱা নাছিল ৷ এই ঘটনাৰ পিচতে আৰক্ষী আৰু চিআইএছএফৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ঘটনাৰ বুজ লয় ৷

লগতে পঢ়ক:Bharat Jodo Yatra 2: গুজৰাটত পুনৰ ভাৰত জোড়ো যাত্ৰা; ৰাহুল গান্ধীক আমন্ত্ৰণ

ABOUT THE AUTHOR

...view details