নিউজ ডেস্ক, 11 ডিচেম্বৰ: সোমবাৰে জম্মু-কাশ্মীৰৰ কাউন্টাৰ ইন্টেলিজেঞ্চে জইছ ই মহম্মদ টেৰ’ৰ মডিউলৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে ৷ পাক সন্ত্ৰাসবাদীৰে সংযুক্ত আব্দুল ৰহমান @ৰিয়াজ @ওমৰ আৰু জিগৰ @আশ্বফাক @লোকমান আলি (পাকিস্তানৰ ঝাফৰৱাল, নাৰোৱালৰ বাসিন্দা) ৰ লগতে কাশ্মীৰৰ তিনি সহযোগী জুনেইদ উল ইছলাম (পুলৱামা), শ্বেইখ নাজমো ছাকিব (বন্দীপোৰা) আৰু ৱাছিম ফীৰুজ শ্বেইখ (পুলৱামা) আৰু দুগৰাকী নাবালকৰ বিৰুদ্ধে NIA ৰ বিশেষ আদালতত এজাহাৰ নং 6/2023 ত IPC 153-A, 505, 121, 120-B; r/w 13&39 UA(P)A ৰ অধীনত গোচৰ ৰুজু কৰিছে ৷
তথ্য অনুসৰি ওপৰত নাম উল্লেখ কৰা পাকিস্তানী সন্ত্ৰাসবাদী আব্দুলৰ বিষয়ে বিশ্বাসযোগ্য ইনপুটৰ পিছত চি আই কাশ্মীৰ থানাত সংশ্লিষ্ট আইনৰ ধাৰাত গোচৰটো ০৬/২০২৩ নং এফআইআৰ দাখিল কৰা হৈছে । ৰহমান @ৰিয়াজ @ওমৰ আৰু জিগৰ @আশ্বফাক @লোকমান আলি জইছ ই মহম্মদ সন্ত্ৰাসবাদী সংগঠনৰ সহযোগত কাশ্মীৰ ভিত্তিক সহযোগীসকলৰ সৈতে মিলি জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰচলিত শান্তি বিঘ্নিত কৰাৰ উদ্দেশ্যেৰে সন্ত্ৰাসবাদী কাৰ্য সংঘটিত কৰিবলৈ চেষ্টা কৰিছিল ৷ ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাক প্ৰত্যাহ্বান জনোৱাৰ উদ্দেশ্য এই কাৰ্য কৰা হৈছিল ।
ভয়ংকৰ অভিপ্ৰায়সমূহ পূৰণ কৰাৰ বাবে কাশ্মীৰ ভিত্তিক সহযোগীসকলৰ সক্ৰিয় সমৰ্থনত সন্ত্ৰাসবাদী নিয়ন্ত্ৰকজনে ধৰা পৰাৰ পৰা হাত সাৰিবলৈ আৰু তেওঁলোকৰ কাৰ্যকলাপৰ গোপনীয়তা আৰু নাম প্ৰকাশ নকৰাটো নিশ্চিত কৰিবলৈ গোপন যোগাযোগ এপ্লিকেচন ব্যৱহাৰ কৰা বুলি জানিব পৰা গৈছে ।
এই সন্দৰ্ভত ন্যায়িক বিচাৰৰ বাবে গোচৰটোৰ যুক্তিসংগত তদন্ত আৰম্ভ কৰা হৈছিল । তদন্তত পোহৰলৈ আহিছে যে আই এছ আইৰ নিৰ্দেশত পাকিস্তানী সন্ত্ৰাসবাদী হেণ্ডলাৰজনে ভাৰতৰ সাৰ্বভৌমত্বৰ বিৰুদ্ধে অস্ত্ৰ তুলি ল’বলৈ যুৱক-যুৱতীসকলক প্ৰৰোচিত কৰাৰ বাবে OGWৰ এটা মডিউল তৈয়াৰ কৰি বিভিন্ন গোপন এনক্ৰিপ্টেড মেছেজিং এপ্লিকেচনৰ জৰিয়তে তেওঁলোকক নিৰ্দেশনা প্ৰদান কৰিছিল ।