ETV Bharat Assam

অসম

assam

ETV Bharat / bharat

বৰদিন উপলক্ষে মিজোৰামৰ ৰাজ্যপালৰ শুভেচ্ছা বাৰ্তা - পবিত্ৰ বৰদিন

বৰদিন উপলক্ষে মিজোৰামবাসীক মিজোৰামৰ ৰাজ্যপাল শ্ৰী শ্ৰীধৰণ পিল্লাইৰ শুভেচ্ছা ৷ সকলোকে শুভেচ্ছা জনোৱাৰ লগতে তেওঁ আৰু তেওঁৰ পৰিয়ালক দিয়া মৰমৰ বাবে মিজোৰামবাসীক ধন্যবাদ জ্ঞাপন পিল্লাইৰ ৷ ক'ৰণা বিৰোধী যুঁজখনক সন্মুখৰপৰা নেতৃত্ব দিয়া সকলো যোদ্ধাক প্ৰশংসা কৰি ধন্যবাদ জ্ঞাপন কৰে ৰাজ্যপাল গৰাকীয়ে ৷

Christmas message of the Hon'ble Governor of Mizoram,
বৰদিন উপলক্ষে মিজোৰামৰ ৰাজ্যপালৰ বাৰ্তা
author img

By

Published : Dec 25, 2020, 9:25 AM IST

মিজোৰাম, 25 ডিচেম্বৰ : পবিত্ৰ বৰদিন উপলক্ষে মিজোৰাম বাসীক ৰাজ্যখনৰ ৰাজ্যপাল শ্ৰী শ্ৰী ধৰণ পিল্লাইয়ে এক শুভেচ্ছা বাৰ্তা কৰিছে ৷ সকলোকে শুভেচ্ছা জ্ঞাপন কৰি পিল্লাইয়ে কয় , "খ্ৰীষ্টমাছৰ এই আনন্দৰ মূহুৰ্তত মই সকলো মিজোৰামবাসীক শুভেচ্ছা জ্ঞাপন কৰিছো ৷ এই ধুনীয়া মিজোৰাম ৰাজ্যত এইয়া আমাৰ দ্বিতীয়টো খ্ৰীষ্টমাছ ৷ মই আৰু মোৰ পত্নী মিজোৰামবাসীৰ মৰম পাই সঁচাকৈ ধন্য ৷"

ক'ৰণা অতিমাৰীৰ ফলত নিজৰ জীৱন বিপদাপন্ন কৰি সেৱা আগবঢ়োৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰি পিল্লাইয়ে কয় , "ক'ভিড-19 অতিমাৰীৰ বাবে 2020 বৰ্ষটো সমগ্ৰ বিশ্ববাসীৰ বাবে যথেষ্ট কঠিন আছিল ৷ অৱশ্যে কেন্দ্ৰৰ সঁহাৰি আৰু ৰাজ্যসমূহৰ একত্ৰিত প্ৰচেষ্টা তথা মিজোৰামৰ নাগৰিক সকলৰ সঁহাৰি যথেষ্ট প্ৰশংসনীয় ৷ এই মুহুৰ্তত মই ক'ৰণা বিৰোধী যুদ্ধখনত নিজৰ জীৱন বিপদাপন্ন কৰি সমুখৰ পৰা যুঁজ দিয়া সকলোকে মই মোৰ সন্মান জনাইছো ৷"

পৃথিৱীলৈ মৰম আৰু ত্যাগৰ বাণী বিলোৱা যীশু খ্ৰীষ্টৰ জন্ম উদযাপনৰ বাবে সকলোকে মৰম আৰু ভালপোৱাৰে ব্যৱহাৰ কৰাটোৱে সঠিক ৰাস্তা বুলি মন্তব্য কৰি তেওঁ সকলোকে আৰ্তজনক সহায় কৰিবৰ বাবে আহ্বান জনায় ৷

জাতি, বৰ্ণৰ ভেদাবেদ পাহৰি সকলোৱে মানুহ হিচাপে ব্যৱহাৰ কৰাটোৱে বৰ্তমান আটাইতকৈ প্ৰয়োজনীয় বুলিও পিল্লাইয়ে মন্তব্য কৰে ৷ তেওঁ লগতে কয় ,"বিগত নৱেম্বৰত মিজোৰামৰ ৰাজ্যাপালৰ কাৰ্যালয়ৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতে মই অতি ভিতৰুৱা অঞ্চল সমূহকে ধৰি প্ৰায় আটাইকেইখন জিলা পৰিদৰ্শন কৰিছো ৷ এই ৰাজ্যখনে আগবঢ়াব পৰা যথেষ্ট খিনি সম্ভাৱনীয়তা মই প্ৰত্যক্ষ কৰিছো ৷ মই মিজোৰামবাসী ৰাইজক ইয়াত থকা সম্পদসমূহৰ সঠিক প্ৰয়োগৰ বাবে আহ্বান জনাইছো, কিয়নো সম্পদসমূহৰ সঠিক প্ৰয়োগৰ জৰিয়তে ৰাজ্যখন উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট খিনি আগুৱাই যাবলৈ সক্ষম হ'ব ৷

যিহেতু আমি এই 2020 বৰ্ষৰ প্ৰায় শেষ মূহুৰ্তত আহি উপনীত হৈছো ৷ 2020 বৰ্ষটো আমাৰ সকলোৰে বাবে যথেষ্ট কঠিন আছিল , কিন্তু মই নতুন আশাৰে 2021 লৈ অপেক্ষা কৰিছো ৷ আহক আগন্তুক বছৰটোত আমি সকলোৱে মাননী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আত্মনিৰ্ভৰশীল ভাৰতৰ সপোনক বাস্তৱ কৰি এক আত্মনিৰ্ভৰশীল ভাৰত গঢ়ি তোলাত সহায় কৰো ৷ "

লগতে পঢ়ক:মিজোৰামত ক'ভিড ট্ৰেচিঙৰ বাবে কনটেক্টলেছ এপ উদ্ভাৱন চাৰি যুৱকৰ

ABOUT THE AUTHOR

...view details