অসম

assam

ETV Bharat / bharat

আজি পবিত্ৰ বৰদিন - 2020 বৰ্ষৰ বৰদিন

বিশ্বজুৰি উদযাপন কৰা হৈছে খ্ৰীষ্টান লোকসকলৰ পবিত্ৰ উৎসৱ বৰদিন ৷ ক'ৰণাসৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত বিশ্বৰ বিভিন্ন ঠাইত ম্লান পৰিছে বৰদিন উদযাপনৰ উৎসাহ ৷ অৱশ্যে New Normal হৈ পৰা মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব বৰ্তাই ৰাখি সকলোৱে অনুষ্টুপীয়াকৈ হ'লেও চলাইছে বৰদিন উদযাপনৰ প্ৰস্তুতি ৷

christmas 2020
christmas 2020

By

Published : Dec 25, 2020, 8:12 AM IST

নিউজ ডেস্ক, 25 ডিচেম্বৰ : আজি পবিত্ৰ বৰদিন অৰ্থাৎ খ্ৰীষ্টমাছ ৷ প্ৰতি বছৰেই যীশুৰ জন্মদিন উদযাপন কৰাৰ বাবে 25 ডিচেম্বৰ তাৰিখলৈ সমগ্ৰ বিশ্ববাসী বিশেষকৈ খ্ৰীষ্টান ধৰ্মৰ লোক সকল এই দিনটোৰ বাবে হেঁপাহেৰে অপেক্ষা কৰে ৷

বৰদিন মানেই যেন আনন্দৰ উৎসৱ ৷ সুখ, হাঁহি, মৰম ভালপোৱাৰৰ উৎসৱ ৷ বৰদিনৰ সৈতে জড়িত হৈ আছে ছান্টাক্লজ বা ফাডাৰ খ্ৰীষ্টমাছে সকলোলৈ উপহাৰ অনাৰ দৰে উপকথা ৷ খ্ৰীষ্টমাছ বুলি ক’লেই সাধাৰণতে সকলোৰে মনলৈ আহে খ্ৰীষ্টমাছ ট্ৰি আৰু পোহৰেৰে ঘৰ সজাই তোলা, পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে ধৰ্মীয় ৰীতি-নীতি পালন কৰা আৰু বিভিন্ন সুস্বাদু খাদ্যৰ সমাহাৰ ৷

যদিও বৰদিন অৰ্থাৎ খ্ৰীষ্টমাছ খ্ৰীষ্টান ধৰ্মৰ লোক সকলৰ এক ধৰ্মীয় উৎসৱ, তথাপি দেখা যায় যে বিশ্বৰ প্ৰায় আটায়েই জাতি, ধৰ্ম, বৰ্ণ আৰু ভাষা নিৰ্বিশেষে এই পবিত্ৰ দিনটোলৈ সমান উৎসাহেৰে বাট চাই ৰয় ৷

সাধাৰণতে বৰদিন বা খ্ৰীষ্টমাছ উপলক্ষে খ্ৰীষ্টান ধৰ্মৰ লোক সকলে গীৰ্জাত গৈ যীশুক স্মৰণ কৰি কেৰল গোৱা দেখিবলৈ পোৱা যায় ৷ অৱশ্যে চলিত বৰ্ষৰ প্ৰায় আৰম্ভণিৰে পৰাই ক'ৰণা অতিমাৰীয়ে গ্ৰাস কৰা পৰিৱেশৰ পৰিপ্ৰেক্ষিতত বৰদিন উদযাপনৰ বাবে ৰাইজৰ মাজত পূৰ্বৰ সেই হেঁপাহ আৰু উল্লাস পৰিলক্ষিত হোৱা নাই ৷

ক'ৰণাসৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত বৰদিন উদযাপনৰ উৎসাহ পূৰ্বৰ বৰ্ষসমূহৰ তুলনাত ম্লান পৰা পৰিলক্ষিত হৈছে ৷ ক'ৰণাৰ পৰা ৰক্ষা পৰাৰ বাবে সামাজিক দূৰত্ব আৰু মাস্ক পৰিধান কৰাটো এতিয়া সমগ্ৰ বিশ্ববাসীৰে বাবে new normal হৈ পৰাৰ মাজতে সকলোৱে অনুষ্টুপীয়াকৈ হ'লেও যীশুৰ জন্মদিন উদযাপন কৰাৰ বাবে সাজু হৈছে ৷

লগতে পঢ়ক:উটৰ পিঠিত উঠি জেৰুজালেমত চান্টাৰ আনন্দ বিলোৱাৰ প্ৰয়াস

ABOUT THE AUTHOR

...view details