অসম

assam

ETV Bharat / bharat

জম্মু-কাশ্মীৰত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত; প্ৰাণ হেৰুৱালে দুজন পাইলটে - Jammu Kashmir

মঙলবাৰে জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাৰ শিৱঘৰ ধাৰ অঞ্চলত দুৰ্ঘটনাত পতিত হয় সেনাৰ এখন হেলিকপ্টাৰ । এই দুৰ্ঘটনাত দুজন পাইলটে প্ৰাণ হেৰুৱায় । দুয়োগৰাকী মেজৰ পৰ্যায়ৰ বিষয়া আছিল ।

Army chopper crashes in Udhampur
জম্মু কাশ্মীৰত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

By

Published : Sep 21, 2021, 5:02 PM IST

Updated : Sep 21, 2021, 5:08 PM IST

নেশ্যনেল ডেস্ক, ২১ ছেপ্টেম্বৰ: জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত মঙলবাৰে এক ভয়াৱহ হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হয় । উধমপুৰ জিলাৰ শিৱঘৰ ধাৰ অঞ্চলত এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয় । এই দুৰ্ঘটনাত দুজন পাইলটে প্ৰাণ হেৰুৱায় । হেলিকপ্টাৰখন অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হয় । দুৰ্ঘটনাত প্ৰথমে পাইলট দুজন গুৰুতৰভাৱে আহত হয় ।

স্থানীয় ৰাইজে ততাতৈয়াকৈ তেওঁলোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও দুয়োকে চিকিৎসকে মৃত ঘোষণা কৰে । দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা বিষয়া দুগৰাকী হৈছে মেজৰ ৰোহিত কুমাৰ আৰু মেজৰ অনুজ ৰাজপুত । পাটনিটপ অঞ্চলৰ এটা প্ৰশিক্ষণ কেন্দ্ৰত আছিল হেলিকপ্টাৰখন । উধমপুৰ ৰিয়াচি ৰেঞ্জৰ আৰক্ষী বিষয়া ছুলেমান চৌধুৰীয়ে কয় যে, তেওঁলোকে খবৰ লাভ কৰাৰ লগে লগে শিৱঘৰ ধৰ অভিমুখে এটা আৰক্ষী দল প্ৰেৰণ কৰিছিল ।

তেওঁ লগতে কয় যে, উক্ত অঞ্চলটোত ঘন কুঁৱলীৰ বাবে হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল নে বিজুতি ঘটাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত হৈছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই ।

আনহাতে, টুইটযোগে সেনাই দুৰ্ঘটনা সংঘটিত হোৱাৰ বিষয়ে নিশ্চিত কৰিছে । লগতে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা দুয়োগৰাকী বিষয়ালৈ শ্ৰদ্ধা নিবেদন কৰে । ইফালে, ছ'চিয়েল মিডিয়াত দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে ।

লগতে পঢ়ক:ত্ৰিপুৰাৰ জনজাতীয় নিবনুৱা যুৱক-যুৱতীৰ বাবে চৰকাৰৰ বিশেষ পাঠ্যক্ৰম

Last Updated : Sep 21, 2021, 5:08 PM IST

ABOUT THE AUTHOR

...view details