নেশ্যনেল ডেস্ক , 16 ছেপ্তেম্বৰ :ভাৰত-নেপাল সীমান্তত সশস্ত্ৰ সীমা বলৰ হাতত চীনা নাগৰিকসহ দুজন লোক আটক ৷ বিহাৰৰ কিষাণগঞ্জ জিলা(Kishanganj district of Bihar)ৰ ভাৰত-নেপাল সীমান্তৰ পৰা সশস্ত্ৰ সীমা বলৰ (Sashastra Seema Bal) এটা দলে এজন চীনা নাগৰিকসহ দুজন লোকক আটক কৰে ৷ অভিযুক্ত চীনা নাগৰিকজন Chojor Woser বুলি চিনাক্ত কৰা হৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি, অভিযুক্ত চীনা নাগৰিক Chojor Woserৰ সৈতে পশ্চিম বংগৰ শিলিগুৰিৰ Pema Bhutia নামৰ এজন ভাৰতীয় এজেণ্ট আছিল ৷ দুয়োজনেই বুধবাৰে সন্ধিয়া অবৈধভাৱে নেপাললৈ পলাই যোৱাৰ চেষ্টা কৰিছিল ৷এছএছবিৰ এজন বিষয়াই জানিবলৈ দিয়া মতে, Kodhobari আৰক্ষা থানাৰ অধিকাৰ ক্ষেত্ৰত থকা ভাৰত-নেপাল সীমান্তত দুজন লোকক সন্দেহজনক কাৰ্যকলাপৰ সৈতে দেখা গৈছিল ৷