ইণ্টাৰনেশ্যনেল ডেস্ক, ১৬ ছেপ্টেম্বৰ :সীমান্ত অঞ্চলৰ বিবাদকলৈ ভাৰত আৰু চীনৰ মাজত আলোচনা অব্যাহত আছে । কেইবাটাও পৰ্যায়ত ইতিমধ্যে আলোচনা সম্পন্ন হৈছে যদিও সঠিক মীমাংসা এতিয়াও হোৱা নাই । অৱশ্যে পূৱ লাডাখৰ বিতৰ্কিত অঞ্চলৰ পৰা সেনাৰ প্ৰত্যাৱৰ্তনৰ বাবে সন্মতি প্ৰদান কৰিছিল ভাৰত আৰু চীনে ।
কিন্তু ইয়াৰ মাজতে চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে (PLA) নিয়ন্ত্ৰণ ৰেখাত আন্তঃগাঁথনি গঢ়ি তুলিছে । ইয়াকে লৈ এতিয়া তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । পূৱ লাডাখত সংঘটিত অচলাৱস্থাৰ পৰা উদ্ভৱ হোৱা উত্তেজনা হ্ৰাস কৰিবলৈ সামৰিক পৰ্যায়ৰ আলোচনা চলি থকাৰ মাজতো চীনা সেনাৰ এনে কাৰ্যই ৰঙা চীনৰ প্ৰকৃত চৰিত্ৰ পোহৰলৈ আনিছে । ইফালে চীনা সেনাৰ নিৰ্মাণ কাৰ্যৰ ছবিবোৰ শেহতীয়াকৈ আগষ্টত উপগ্ৰহ ছবিবোৰত স্পষ্ট হৈ পৰিছে ।
ভাৰতৰ সৰ্বোচ্চ বিমানক্ষেত্ৰ দৌলত বেগ ওল্ডি (DBO)ৰ পৰা মাত্ৰ ২৪ কিল’মিটাৰ দূৰত ডেপচাং সমভূমিলৈ যোৱা টাইনৱেণ্ডিয়ান ঘাইপথৰ সম্প্ৰসাৰণৰ লগে লগে পুনৰ উত্তেজনা বৃদ্ধি পাইছে । সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ১৭ আগষ্টত উপগ্ৰহৰ ছবিয়ে ভাৰত আৰু চীনৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (LAC) পশ্চিম খণ্ডৰ সৈতে ডেপচাং সমভূমিৰ (Depsang Plains) ওচৰত গঢ়ি উঠা আন্তঃগাঁথনি প্ৰকাশ কৰিছে ।