নেশ্যনেল ডেস্ক, ৩ মাৰ্চ: কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে টুইটযোগে কয় যে, ভাৰতক ভাবুকি দিবলৈ চীনে নিজৰ সেনা আৰু চাইবাৰ বাহিনী একত্ৰিত কৰিছে । লগতে তেওঁ সতৰ্ক কৰি দিয়ে যে, ভাৰত চৰকাৰৰ কাপুৰুষত্বৰ বাবে ভৱিষ্যতে পৰিণাম ভয়াৱহ হ'ব । কংগ্ৰেছ নেতাগৰাকীয়ে এটা বাতৰিৰ সৈতে প্ৰকাশিত নিশাৰ উপগ্ৰহ আলোকচিত্ৰও টুইটযোগে শ্বেয়াৰ কৰিছে ।
আলোকচিত্ৰকেইখনৰ দ্বাৰা দাবী কৰা হৈছে যে, লাডাখৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ দেপছাং আঞ্চলত চীনে পুনৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাৰ চেষ্টা কৰি আছে । ভাৰতক ভাবুকি দিবলৈ চীনে সেনা আৰু চাইবাৰ বাহিনী একত্ৰিত কৰিছে । ৰাহুল গান্ধীয়ে টুইটটোত উল্লেখ কৰিছে যে, বৰ্তমান দৌলত বেগ অল্ডি সুৰক্ষিত নহয় ।