নিউজ ডেস্ক, 14 নৱেম্বৰ : প্ৰতিবছৰে 14 নৱেম্বৰৰ দিনটোত ‘শিশু দিৱস’ হিচাপে উদযাপন কৰা হয় ৷ ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটোক শিশু দিৱস হিচাপে পালন কৰা হয় কিয়নো নেহৰু শিশুসকলৰ মাজত যথেষ্ট জনপ্ৰিয় আছিল ৷
শিশু দিৱস উদযাপনৰ প্ৰকৃত উদ্দেশ্য হ’ল শিশুসকলৰ অধিকাৰক লৈ সজাগতা বৃদ্ধি কৰা ৷ এইবছৰ শিশু দিৱস উদযাপন অন্য বছৰৰ তুলনাত কিছু পৃথক হ’ল কিয়নো বিগত দুটা বছৰে সমগ্ৰ বিশ্বই কৰ’ণা মহামাৰীৰ ভয়াৱহতাৰ সৈতে যুঁজ দিবলগীয়া হৈছে ৷ যিয়ে জ্যেষ্ঠ সকলৰ লগতে শিশুসকলৰ মন-মগজুতো যথেষ্ট প্ৰভাৱ পেলাইছে ৷ বহু শিশু নূন্যতম স্বাস্থ্যৰ সুবিধা, শিক্ষা আৰু সুক্ষাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে ৷
আমাৰ দেশত লাখ লাখ দৰিদ্ৰ শিশু আছে যিসকলে অতি সীমিত সা-সুবিধাৰ মাজতে জীৱন পাৰ কৰিবলগীয়া হৈছে ৷ মহামাৰীয়ে এইসকল শিশুক যথেষ্টভাৱে প্ৰভাৱান্বিত কৰিছে ৷ ধনীসকল যদিও প্ৰভাৱান্বিত হৈছে কিন্তু এই শিশুসকলে মহামাৰীৰ মাজতো নিজৰ ভাতসাজ মোকলোৱাৰ বাবে প্ৰতিদিনে ঘৰৰ বাহিৰলৈ ওলাবলৈ বাধ্য হৈছে ৷
ইতিমধ্যেই বলীউডৰ কেইবাখনো ছবিত বহুকেইটা স্মৰণীয় গীতৰ জৰিয়তে শৈশৱকালৰ বিস্ময়কৰ আৰু নিষ্পাপ সময়ছোৱাক দৰ্শোৱা হৈছে ৷ ইয়াৰ ভিতৰত জনপ্ৰিয় পাঁচটা গীত হ’ল-
নন্না মুন্না ৰাহী হ্যু (1962)
এই দেশপ্ৰেমমূলক শিশুগীতটি 1962 চনত মুক্তিপ্ৰাপ্ত ছবি ‘Son Of India’ৰ ৷ ছবিখনে গোপাল নামৰ এটি শিশুৰ কাহিনী দৰ্শাই ৷ গোপালৰ দেশপ্ৰেমক প্ৰদৰ্শন কৰা এই গীতটি পৰিৱেশন কৰিছিল শান্তি মাথুৰে ৷ গীতটিৰ কথা আছিল চাকিল বাদায়ুনীৰ আৰু গীতটি ৰচনা কৰিছিল নৌচাদে ৷
চন্দা হ্যে তু মেৰা সুৰয হ্যে তু (1969)