তেজপুৰ, ১৩ মাৰ্চ: অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত ভয়ংকৰ দুৰ্ঘটনা । শনিবাৰে বিয়লি জিলাখনৰ লাজু ৰাজহ চক্ৰৰ অধীনৰ উজনি চিনহান গাঁৱত এজাক কণ কণ শিশুৱে খেলি থকা অৱস্থাতে বিস্ফোৰণ হয় এটা গ্ৰেণেড (Grenade blast in Triap) । গ্ৰেণেড বিস্ফোৰণ হোৱাৰ ফলত তিনিটা শিশু গুৰুতৰভাৱে আহত হয় । ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক তদন্ত অব্যাহত ৰাখিছে ।
জানিব পৰা মতে, কোনো দুষ্কৃতিকাৰীয়ে মুকলি ঠাইত পেলাই থোৱা এটা গ্ৰেণেডৰ পৰা দুৰ্ঘটনাটো সংঘতিত হয় (Three children injured grenade explosion)। আৰক্ষী সূত্ৰত প্ৰকাশ যে, শিশুকেইটিক খুনচাৰ জিলা অসামৰিক চিকিৎসালয়ৰ পৰা ততাতৈয়াকৈ অসমৰ ডিব্ৰুগড় জিলাৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে । কিছুদিন পূৰ্বে অৰুণাচলত NSCN উগ্ৰপন্থী আৰু সেনাৰ মাজত হোৱা সংঘৰ্ষৰ সূত্ৰপাত হৈছিল (Firing between NSCN extrimist and Security force)৷ সেই সংঘৰ্ষৰ মাজতে গ্ৰেণেডটো জংঘলৰ কাষৰীয়া ঠাইত পৰি ৰৈছিল বুলি সন্দেহ কৰা হৈছে ৷ শিশু কেইটাই গ্ৰেণেডটো বুটলি আনি খেলি থকা সময়তে দুৰ্ভাগ্যবশতঃ বিস্ফোৰণটো সংঘটিত হয় ৷