অসম

assam

ETV Bharat / bharat

আগৰতলাত চাইল্ড লাইন কৰ্তৃপক্ষই উদ্ধাৰ কৰে 11টি শিশু শ্ৰমিক

চন্দ্ৰপুৰ আন্তঃৰাজ্যিক বাছ আস্থানত এজন সন্দেহজনক লোকৰ পৰা আগৰতলা আৰক্ষী আৰু চাইল্ড লাইন কৰ্তৃপক্ষই অভিযান চলাই উদ্ধাৰ কৰে 11 টি শিশু ৷

By

Published : Feb 4, 2021, 12:15 PM IST

Updated : Feb 4, 2021, 12:22 PM IST

আগৰতলাত চাইল্ড লাইন কৰ্তৃপক্ষই উদ্ধাৰ কৰে 11টি শিশু শ্ৰমিক
আগৰতলাত চাইল্ড লাইন কৰ্তৃপক্ষই উদ্ধাৰ কৰে 11টি শিশু শ্ৰমিক

নেশ্যনেল ডেস্ক, 4 ফেব্ৰুৱাৰী: বুধবাৰে আগৰতলা আৰক্ষী আৰু চাইল্ড লাইন কৰ্তৃপক্ষই অভিযান চলাই 11 টি শিশু উদ্ধাৰ কৰে ৷ শিশু শ্ৰমিক হিচাপে আনৰ ঘৰত কাম কৰাৰ বাবে লৈ যোৱা অৱস্থাত উদ্ধাৰ কৰে শিশু কেইটিক ৷ চাইল্ড লাইন কৰ্তৃপক্ষই শিশু কেইটিক উদ্ধাৰ কৰি যাৱতীয় আইনী প্ৰক্ৰিয়া সম্পন্ন কৰি নিজ পৰিয়ালৰ হাতত গতাই দিয়ে ৷

আগৰতলাত চাইল্ড লাইন কৰ্তৃপক্ষই উদ্ধাৰ কৰে 11টি শিশু শ্ৰমিক

ঘটনা অনুসৰি,চন্দ্ৰপুৰ আন্তঃৰাজ্যিক বাছ আস্থানত এজন সন্দেহজনক লোকৰ সৈতে 11 গৰাকী যুৱতীক প্ৰত্যক্ষ কৰিছিল ৷ লগে লগে আৰক্ষীয়ে লোকজনক সোধ-পোছ কৰাত পোহৰলৈ আহে প্ৰকৃত সত্য ৷ আৰক্ষীয়ে সমগ্ৰ ঘটনা পৰ্যবেক্ষণ কৰাৰ পাচত চাইল্ড লাইন কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি শিশু কেইটিক উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে জনোৱা মতে,লোকজনে শিশুকেইটিৰ পৰিয়ালক ধনৰ লোভ দেখুৱাই আনৰ ঘৰত সহায়ক হিচাপে কাম কৰাৰ বাবে লৈ গৈ আছিল আগৰতলালৈ ৷ কিন্তু আৰক্ষীৰ হাতত ধৰা পৰে লোকজন ৷ আগৰতলা মহিলা আৰক্ষী থানাই শিশু কেইটিক নিজৰ জিম্মাত লৈ লোকজনক আটক কৰিছে ৷

ইফালে,চাইল্ড লাইন কৰ্তৃপক্ষই জনোৱা মতে,উদ্ধাৰ কৰা 11 টি শিশুৰ ভিতৰত 2জনী 18 বছৰীয়া যুৱতীকো উদ্ধাৰ কৰা হৈছে ৷ ইতিমধ্যে যুৱতী কেইগৰাকীৰ পৰিয়ালৰ লোকৰ লগত যোগাযোগ কৰি ঘৰলৈ পঠিওৱাৰ সকলো কাম সম্পন্ন কৰা হৈছে ৷

লগতে পঢ়ক:ম্যানমাৰত গণতন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে ভাৰত চৰকাৰৰ হস্তক্ষেপ দাবী নেচোৰ

Last Updated : Feb 4, 2021, 12:22 PM IST

ABOUT THE AUTHOR

...view details