নেশ্যনেল ডেস্ক, 7 আগষ্ট : শিশুৰ নাম-উপাধি গ্ৰহণ সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে প্ৰদান কৰিছে এক গুৰুত্বপূৰ্ণ ৰায়দান ৷ এটি শিশুৱে পিতৃৰ নে মাতৃৰ উপাধি গ্ৰহণ কৰিব সেই সন্দৰ্ভত ৰায় প্ৰদান কৰি দিল্লী উচ্চ ন্যায়ালয়ে কয় যে, এগৰাকী পিতৃয়ে তেওঁৰ সন্তানে কেৱল তেওঁৰ উপাধি গ্ৰহণ কৰিব লাগিব বুলি সিদ্ধান্ত আৰোপ কৰিব নোৱাৰে ৷
নিজ ইচ্ছানুসৰি প্ৰতিটো শিশুৰে নিজৰ মাকৰ উপাধি গ্ৰহণ কৰিব পৰা অধিকাৰ আছে ৷ এগৰাকী নাবালিকা কন্যাৰ পিতৃয়ে আদালতত দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে এই ৰায় প্ৰদান কৰে ৷ নাবালিকা কন্যাগৰাকীৰ পিতৃয়ে কন্যাৰ সকলো নথিপত্ৰত মাতৃৰ পৰিৱৰ্তে তেওঁৰ নাম ব্যৱহাৰৰ বাবে নিৰ্দেশ বিচাৰি আবেদন জনাইছিল ৷
লগতে পঢ়ক:১৫ বছৰ আৰু তাতোকৈ বেছি বয়সৰ পত্নীৰ সৈতে শাৰীৰিক সম্পৰ্ক ধৰ্ষণ নহয়ঃ এলাহাবাদ উচ্চ ন্যায়ালয়
উক্ত লোকজনৰ আবেদনৰ ৰায়দান প্ৰদান কৰি ন্যায়ালয়ে কয় যে, এনেধৰণৰ চৰ্তাৱলী আৰোপ কৰিবলৈ কেৱল দেউতাক শিশুটিৰ গৰাকী নহয় ৷ গতিকে এটি শিশুৱে যদি ইচ্ছা কৰে, তেন্তে তেওঁ মাতৃৰ উপাধি গ্ৰহণ কৰিব পৰা সম্পূৰ্ণ অধিকাৰ আছে ৷ লোকজনৰ আবেদনৰ ভিত্তিত এনেধৰণৰ কোনো নিৰ্দেশনা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰি ন্যায়াধীশ ৰেখা পল্লীয়ে কয় যে, "এজন পিতৃয়ে তেওঁৰ কন্যাই কেৱল তেওঁৰ উপাধি গ্ৰহণ কৰিব লাগিব বুলি নিৰ্দেশনা দিবলৈ ছোৱালীজনীৰ গৰাকী নহয় ৷
যদিহে নাবালক শিশুটি তেওঁৰ উপাধিৰ সৈতে সুখী তাত আপোনাৰ কি সমস্যা আছে" ? উল্লেখ্য যে, শুনানিৰ সময়ত শিশুটিৰ পিতৃৰ counsel এ শিশুটিৰ উপাধি বিচ্ছেদিত পত্নীয়ে সলনি কৰা বুলি দাবী কৰাৰ লগতে এনে গুৰুতৰ সিদ্ধান্ত নিৰ্ণয়ৰ বাবে শিশুটিৰ বয়স কম বুলি দাবী কৰিছিল ৷
শিশুটিৰ নাম তথা উপাধি সলনি কৰাৰ ফলত পিতৃৰ উপাধিৰে শিশুটিৰ নামত কৰা বীমা প্ৰাপ্তিৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব ৷ এই আবেদন অস্বীকাৰ কৰি আদালতে শিশুটিৰ বিদ্যালয়লৈ গৈ তেওঁৰ নাম শিশুটিৰ পিতৃ হিচাপে দেখুৱাবলৈ স্বাধীনতা প্ৰদান কৰি গোচৰটো নিস্পত্তি কৰে ৷