নেশ্য়নেল ডেস্ক,৭ জানুৱাৰী: ছত্তীশগড়ৰ সুৰজপুৰ আৰক্ষী(surajpur police) থানাই আকৌ এবাৰ অনুকম্পামূলক নিযুক্তি প্ৰদান কৰি এক উদাহৰণ স্থাপন কৰিছে । ৫ বছৰীয় শিশু কনিষ্টবলজনৰ পিতৃ SI ৰ পদত আছিল । কিন্তু তেওঁৰ আকস্মিক মৃত্যুৰ পাছত পৰিয়ালটোৰ মাজত শোকৰ বন্যা বৈছিল । ইয়াৰ পিছতে পৰিয়ালটোৰ এজন সদস্য হিচাপে মৃত SI গৰাকীৰ ৫ বছৰীয়া পুত্ৰক আইজি সুৰগুজা ৰেঞ্জৰ নিৰ্দেশত অনুকম্পামূলক নিযুক্তি প্ৰদান কৰা হয়(Child constable got compassionate appointment) ।
জানিব পৰা মতে, কোৰিয়া জিলাৰ SI হৰিপ্ৰসাদৰ অকাল মৃত্যু হৈছিল । সেই অনুসৰি অনুকম্পামূলক নিযুক্তিৰ আবেদনৰ প্ৰতি লক্ষ্য ৰাখি মৃত SI গৰাকীৰ চাৰে পাঁচ বছৰীয়া পুত্ৰক সুৰজপুৰ জিলাৰ শিশু কনিষ্টবল পদৰ নিৰ্দেশ পত্ৰ প্ৰদান কৰে । সুৰজপুৰৰ আৰক্ষী অধীক্ষক ৰামকৃষ্ণ চাহুৱে তেওঁৰ মাতৃৰ সৈতে অহা শিশুটিক নিযুক্তি পত্ৰ আৰু চকলেট প্ৰদান কৰে । তেওঁক ১৮ বছৰ বয়সৰ পিছত কনিষ্টবল হিচাপে নিযুক্তি দিয়া হ'ব ।
আৰক্ষী অধীক্ষক ৰামকৃষ্ণ চাহুৱে নতুন বছৰত শিশুটিক এটি উপহাৰ দিছিল আৰু নিযুক্তিৰ নিৰ্দেশ প্ৰদান কৰিছিল(Child Constable in Surajpur) । আৰক্ষী অধীক্ষকে সুৰজপুৰৰ আৰক্ষীত অনুকম্পামূলক নিযুক্তিত যুৱ কনিষ্টবলজনক নিযুক্তি পত্ৰৰ লগতে শিশুসকলৰ প্ৰিয় চকলেটো দিছিল ।