অসম

assam

ETV Bharat / bharat

কেবাটাও আঁচনিৰ আধাৰশিলা স্থাপন মিজোৰামৰ মুখ্যমন্ত্ৰীৰ - আৱাসিক ক্ৰীড়া বিদ্যালয়

মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই বৃহস্পতিবাৰে মামিট চহৰৰ কাইলুৱাৰগাহ আৰু টুইডাম গাঁৱত প্ৰধানমন্ত্ৰী জন বিকাশ কাৰ্যক্ৰম (পিএমজেভিকে) অধীনত ১১৮ কোটিৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে।

Chief Minister Zoramthanga attended foundation stone laying ceremony for a 118 crores project
কেবাটাও আঁচনিৰ আধাৰশিলা স্থাপন মিজোৰামৰ মুখ্যমন্ত্ৰীৰ

By

Published : Dec 10, 2020, 9:30 PM IST

মিজোৰাম, 10 ডিচেম্বৰ : মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই বৃহস্পতিবাৰে মামিট চহৰ, কৈৱৰ্থা আৰু টুইডাম গাঁৱত প্ৰধানমন্ত্ৰী জন বিকাশ কাৰ্যক্ৰম (পিএমজেভিকে) অধীনত ১১৮ কোটিৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে।

কৈৱৰ্থাত আৱাসিক ক্ৰীড়া বিদ্যালয়ৰ প্ৰকল্পৰ বাবে 3286.34 লাখ টকা আৰু স্মাৰ্ট শ্ৰেণীকোঠাৰ বাবে 17.54 লাখ টকা নিৰ্ধাৰণ কৰা হৈছিল । টুইডামত 532.50 লাখ টকা মূল্যৰ এস্ট্ৰোটাৰ্ফ ফুটবল খেলপথাৰ নিৰ্মাণৰ কাম ঘোষণা কৰা হৈছিল ।

কেবাটাও আঁচনিৰ আধাৰশিলা স্থাপন মিজোৰামৰ মুখ্যমন্ত্ৰীৰ

কাৰ্যসূচীত উপস্থিত থাকি সময়ত মুখ্যমন্ত্ৰী জোৰামথাংগাই কয় যে, এই প্ৰকল্পবোৰে যুৱক সকলৰ বিকাশৰ বাবে এক গুৰুত্বপূৰ্ণ সুযোগ কঢ়িয়াই আনিব ৷ তেওঁ লগতে আঁচনিবোৰৰ সফল ৰূপায়ণৰ বাবে সংশ্লিষ্ট বিভাগক নিৰন্তৰ নৈতিক সমৰ্থন আগবঢ়াবলৈ সকলো ৰাইজক অনুৰোধ জনায়।

লগতে পঢ়ক:বিটিচি নিৰ্বাচন : দ্বিতীয় পৰ্যায়ত বিয়লি 4 বজালৈ 72 শতাংশ ভোটদান সম্পন্ন

ABOUT THE AUTHOR

...view details