আগৰতলা,৪ মাৰ্চ :যুদ্ধবিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে । ইতিমধ্যে ভাৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বাবে বহু শিক্ষাৰ্থী আৰু আবদ্ধ ভাৰতীয় নাগৰিক স্ব-ভূমিত আহি উপস্থিত হৈছে । ত্ৰিপুৰাৰো কেইবাগৰাকী শিক্ষাৰ্থী সম্প্ৰতি বাসগৃহত আহি উপস্থিত হৈছে । শেহতীয়াকৈ দুগৰাকী শিক্ষাৰ্থী ক্ৰমে মেঘা ত্ৰিবেদী আৰু জেচমিন দেববৰ্মা সুৰক্ষিতভাৱে গৃহ ৰাজ্য ত্ৰিপুৰা আহি পাইছে (Two students stranded in Ukraine arrive in Tripura)।
দুয়োগৰাকী শিক্ষাৰ্থীয়ে বাসগৃহত উপস্থিত হোৱাৰ পাছতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱক সাক্ষাৎ কৰে । মুখ্যমন্ত্ৰীয়ে তেওঁৰ চৰকাৰী কাৰ্যালয়তে দুয়োগৰাকী শিক্ষাৰ্থীক সাক্ষাৎ কৰি সম্বৰ্ধনা জ্ঞাপন কৰে । লগতে ইউক্ৰেইনৰ বিভিন্ন চহৰত আৱদ্ধ ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক উদ্ধাৰৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে প্ৰধানমন্ত্ৰী মোডীক প্ৰশংসাও কৰে বিপ্লৱ কুমাৰ দেৱে ৷
ভাৰতীয় শিক্ষাৰ্থীসকলক উদ্ধাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ আন্তৰিক প্ৰচেষ্টাৰ বাবেই বহুতো ভাৰতীয় শিক্ষাৰ্থীক কম সময়ৰ ভিতৰতে উদ্ধাৰ কৰা হৈছে । তেওঁ লগতে কয় যে ত্ৰিপুৰাৰ বহু শিক্ষাৰ্থী ইউক্ৰেইনত অধ্যয়ন কৰি আছে । সেয়ে তেওঁলোক সকলোকে সুৰক্ষিত আৰু সুস্থ ভাৱে উদ্ধাৰ কৰাৰ প্ৰচেষ্টাও অব্যাহত আছে ।