অসম

assam

ETV Bharat / bharat

Manipur Violence: কাঢ়ি নিয়া অস্ত্ৰ সমৰ্পণৰ লগতে পথ অৱৰোধ নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ - Manipur Violence news update

বুধবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে নিৰাপত্তা বাহিনীৰ পৰা কাঢ়ি নিয়া অস্ত্ৰ সমৰ্পণ কৰিবলৈ আহ্বান জনায় (CM appeals to surrender of snatched arms) ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে যিসকল লোকে অবৈধভাৱে অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ লগত ৰাখিছে তেওঁলোকেৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ’ব বুলিও সতৰ্কবাণী প্ৰদান কৰে (Manipur Chief Minister N Biren Singh ) ৷

Chief Minister appeals to stop roadblocks and surrender of snatched arms
লুণ্ঠন কৰা অস্ত্ৰসমূহ সমৰ্পণৰ লগতে পথ অৱৰোধ নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

By

Published : May 31, 2023, 10:46 PM IST

তেজপুৰ, 31 মে’: মণিপুৰত ক্ৰমাৎ শান্ত হৈছে পৰিস্থিতি ৷ শেহতীয়াকৈ ৰাজ্যখনত গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত হোৱাৰ পিচতে ৰাজ্যখনত শান্তি পুনৰ ঘূৰাই আনিবলৈ তৎপৰ হৈছে গৃহ বিভাগ ৷ বুধবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে নিৰাপত্তা বাহিনীৰ পৰা লুণ্ঠন কৰা অস্ত্ৰ সমৰ্পণ কৰিবলৈ আহ্বান জনায় (CM appeals to surrender of snatched arms) ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে যিসকল লোকে অবৈধভাৱে অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ লগত ৰাখিছে তেওঁলোকেৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ’ব বুলিও সতৰ্কবাণী প্ৰদান কৰে (Manipur Chief Minister N Biren Singh ) ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে এক বিবৃত্তিত মণিপুৰৰ সকলোকে পথ অৱৰোধ নকৰিবলৈ আৰু নিৰাপত্তা কৰ্মী আৰু সাহায্য সামগ্ৰীৰ চলাচলত বাধা নিদিবলৈ আহ্বান জনায়। এনে ধৰণৰ পথৰোধৰ ফলত নিৰাপত্তা আৰু আৰক্ষী কৰ্মীসকলৰ বাবে সময়মতে সশস্ত্ৰ গোটৰ আক্ৰমণৰ বিৰুদ্ধে পদক্ষেপ লওঁতে কঠিন হৈ পৰে (Manipur Violence news update) ৷

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "মই সংশ্লিষ্ট সকলো লোকক অচিৰেই উপত্যকা আৰু পাহাৰীয়া জিলাসমূহৰ আৰক্ষী বেটেলিয়ন, আৰক্ষী থানা আদিৰ পৰা কাঢ়ি লৈ যোৱা অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদসমূহ নিকটতম আৰক্ষী থানা/এমআৰ/আইআৰবি আদিত সমৰ্পণ কৰিবলৈ অনুৰোধ জনাইছো । যদি পৰৱৰ্তী সময়ত নিৰাপত্তাকৰ্মীৰ দ্বাৰা বা অন্য কোনো ধৰণৰ কোম্বিং অপাৰেচনৰ সময়ত কোনো ব্যক্তিৰ লগত অবৈধভাৱে অস্ত্ৰ-শস্ত্ৰ ৰখা বুলি ধৰা পৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে অস্ত্ৰ আইন ১৯৫৯ অনুসৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷" ইফালে গৃহমন্ত্ৰী অমিত শ্বাহে বুধবাৰে মণিপুৰৰ মোৰেহৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে নিৰাপত্তা পৰিস্থিতিৰ বুজ লয় (Amit Shah in Manipur)।

অমিত শ্বাহে এক টুইটযোগে কয়, "মোৰেহত কুকি আৰু অন্যান্য সম্প্ৰদায়ৰ প্ৰতিনিধি দলৰ সৈতে এখন বৈঠকত মিলিত হওঁ । তেওঁলোকে মণিপুৰত স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰৰ বাবে চৰকাৰৰ পদক্ষেপৰ প্ৰতি শক্তিশালী সমৰ্থন ব্যক্ত কৰে।"

গৃহমন্ত্ৰী শ্বাহে আন এটা টুইটত কয়, "মোৰেহ (মণিপুৰ)ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মই ৰাজ্যখনৰ নিৰাপত্তা পৰিস্থিতিৰ বুজ লৈছিলো ।" মঙলবাৰৰ দিনা প্ৰশাসনে পুৱা ১১ বজালৈকে কাৰফিউত ছয় ঘণ্টাৰ শিথিলতা দিয়াৰ পিচত খোৱাইৰামবন্দ বজাৰত লোকসকলে ভিৰ কৰি হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিছিল ৷

লগতে পঢ়ক:Amit Shah in Manipur: গৃহমন্ত্ৰীক সাক্ষাৎ কুকি সঁজাতী দলৰ

ABOUT THE AUTHOR

...view details