অসম

assam

Chhattisgarh Elections 2023 : সফলতাৰে সম্পন্ন ছত্তীশগড়ৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন; IAR ক প্ৰশংসা মুখ্য নিৰ্বাচনী বিষয়াৰ

চলিত সপ্তাহৰ মঙলবাৰে সামৰণি পৰে ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ বিগত মঙলবাৰে ২০ খন আসনৰ বাবে ছত্তীশগড়ত প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয় ৷ এই নিৰ্বাচনী প্ৰক্ৰিয়াত সহায় কৰাৰ বাবে ভাৰতীয় বায়ুসেনাৰ প্ৰচেষ্টাক X যোগে প্ৰশংসা কৰে মুখ্য নিৰ্বাচনী বিষয়াই ৷

By ANI

Published : Nov 10, 2023, 7:56 AM IST

Published : Nov 10, 2023, 7:56 AM IST

Chhattisgarh Elections 2023
সফলতাৰে সম্পন্ন ছত্তীশগড়ৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন

নেশ্যনেল ডেস্ক, ১০ নৱেম্বৰ :সকলোৰে জ্ঞাত যে, চলিত সপ্তাহৰ মঙলবাৰে সামৰণি পৰে ছত্তীশগড়বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ এই ভোটগ্ৰহণ সামৰণি পৰাৰ লগে লগে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই নিৰ্বাচনী প্ৰক্ৰিয়াত সহায় কৰাৰ বাবে ভাৰতীয় বায়ুসেনাৰ প্ৰচেষ্টাক প্ৰশংসা কৰে ।

X ৰ এটা পোষ্টত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে কয়, ‘‘আই এ এফে সকলো প্ৰত্যাহ্বানক অৱজ্ঞা কৰি বাওঁপন্থী উগ্ৰবাদ (Left-wing extremism চমুকৈ LWE) প্ৰভাৱিত অঞ্চলসমূহৰ এটাত সফল নিৰ্বাচনী প্ৰক্ৰিয়া সক্ষম কৰি তুলিছে’’ ।

তেওঁ আৰু Xৰ পোষ্টটোত কয়, ‘‘সকলো প্ৰত্যাহ্বান নেওচি ভাৰতীয় বায়ুসেনাই Eight MI ১৭ বিমানৰ সৈতে ৪০৪ টা অভিযান চলাইছিল ৷ ৪৩ টা স্থানৰ পৰা ৮৫৩ জন পুলিং অফিচাৰক গন্তব্য স্থানলৈ স্থানান্তৰ কৰিছিল ৷ যিয়ে এই কঠিন LWE প্ৰভাৱিত অঞ্চলসমূহত সফলভাৱে নিৰ্বাচনী প্ৰক্ৰিয়া সমাপ্ত কৰিবলৈ সহায় কৰিছিল’’ ৷

ভাৰতীয় বায়ুসেনাক চেলুট জনায় মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে X ত কয়, ‘‘মঙলবাৰে ৰাজ্যখনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত, ছত্তীশগড়ৰ ২০ টা বিধানসভা সমষ্টিত ভোটদানৰ শতাংশ ৭১.৯৩ আছিল । চূড়ান্ত গণনাত ভোটাৰৰ ভোটদান বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷ ২০১৮ চনত ১৮ টা সমষ্টিত অনুষ্ঠিত হোৱা ছত্তীশগড়ৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৭৬.৪২ শতাংশ ভোটাৰৰ ভোটদান কৰা দেখা গৈছিল’’ ।

প’ল পেনেলৰ (Poll Panel) শেহতীয়া তথ্য অনুসৰি, খৈৰাগড়-চুইখাদণ্ডানী বিধানসভাছত্তীশগড়ৰ সমষ্টিত সৰ্বাধিক ভোটদানৰ হাৰ ৭৬.৩১ শতাংশ হোৱাৰ বিপৰীতে মহলা-মানপুৰ-আম্বগড় চৌকীত ভোটদানৰ হাৰ ৭৬ শতাংশ । সৰ্বনিম্ন ভোটগ্ৰহণৰ হাৰ বিজাপুৰত ৪০.৯৮ শতাংশ । উত্তৰ বস্তৰ কাংকেৰত ৭৫.৫১ শতাংশ, কোণ্ডাগাঁৱত ৭৫.৩৫ শতাংশ, ৰাজনান্দগাঁৱত ৭৫.১ শতাংশ আৰু বষ্টাৰ (জগদলপুৰ)ত ৭২.৪১ শতাংশ ।

নিৰ্বাচন আয়োগে ছত্তীশগড়ত প্ৰথম পৰ্যায়ৰ বাবে ৫,৩০৪ টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰিছিল । বস্তৰ সংমণ্ডলৰ ১২৬ খন গাঁৱত প্ৰথমবাৰৰ বাবে নতুন ভোটকেন্দ্ৰ স্থাপন কৰা হয় ৷ নতুন ভোটগ্ৰহণ কেন্দ্ৰসমূহ ECI ৰ নীতিৰ সৈতে সামঞ্জস্যপূৰ্ণ আছিল, যাৰ লক্ষ্য হৈছে কোনো ভোটাৰে ভোট দিবলৈ দুইকিলোমিটাৰ ব্যাসাৰ্ধৰ বাহিৰলৈ যাব নালাগে ।

এই ১২৬ টা বুথৰ ভিতৰত, ১৫ টা কাংকেৰ এ চি, ১২ টা অন্তগড়ত, ৫ টা ভানুপ্ৰতাপুৰত, ২০ টা কণ্টাত, ১৪ টা চিত্ৰকোটত, ৪ টা জগদলপুৰত, ১ টা বস্তৰত, ১৩ টা কোন্দাগাঁৱত, ১৯ টা কেশকলত, ৯ টা নাৰায়ণপুৰত, ৮ টা দনটেৱাদাত আৰু ৬ টা বিজাপুৰত বিধান সভা সমষ্টি ৷

ছত্তীশগড়ত পুৱা ৭ বজাৰ পৰা দহখন আসনৰ বাবে ভোটগ্ৰহণ আৰম্ভ হৈছিল- মোহলা-মানপুৰ, অন্তগড়, ভানুপ্ৰতাপপুৰ, কংকেৰ, কেশকল, কোণ্ডাগাঁও, নাৰায়ণপুৰ, দন্তেৱাড়া, বিজাপুৰ আৰু কন্টা । বাকী বিধানসভা সমষ্টিসমূহৰ বাবে ভোটদান পুৱা ৮ বজাৰ পৰা পাণ্ডাৰীয়া, কাৱৰ্ধ, খৈৰাগড়, ডংগৰগড়, ৰাজনান্দগাঁও, ডংগৰগাঁও, খুজ্জী, বস্তৰ, জগদলপুৰ, আৰু চিত্ৰকোটে আৰম্ভ হৈচিল ।

ছত্তীশগড়ৰ বাকী ৭০ খন আসনত ভোটগ্ৰহণ ১৭ নৱেম্বৰত অনুষ্ঠিত হ'ব । এই ভোটগ্ৰহণৰ ভোটগণনা হ'ব ৩ ডিচেম্বৰত ।

লগতে পঢ়ক :chhattisgarh election 2023: 7 বজাৰ পৰা আৰম্ভ হ’ল ছত্তীশগড়ত ভোটগ্ৰহণ

ABOUT THE AUTHOR

...view details