অসম

assam

ETV Bharat / bharat

কৃষক বিদ্ৰোহত বিচ্ছিন্নতাবাদী উপাদান থকা বুলি কৰা মন্তব্যক সমালোচনা পি চিদাম্বৰমৰ - farmers protest

চিদাম্বৰমে টুইটযোগে কয়, "মন্ত্ৰীসকলে কৃষি আইনৰ বিৰোধিতা কৰা প্ৰতিবাদকাৰীসকলক খালিস্তানী, চীন আৰু পাকিস্তানৰ চোৰাংচোৱা, মাওবাদী আৰু টুকৰে টুকৰে গেঙৰ সৈতে তুলনা কৰিছে ৷"

Chidambaram slams Centre over issue of farmers' protest
কৃষক বিদ্ৰোহত বিচ্ছিন্নতাবাদী উপাদান থকা বুলি কৰা মন্তব্যক সমালোচনা পি চিদামন্বৰমৰ

By

Published : Dec 13, 2020, 6:17 PM IST

নেশ্যনেল ডেস্ক,13 ডিচেম্বৰঃ কেন্দ্ৰীয় চৰকাৰৰ কেইগৰাকীমান মন্ত্ৰীয়ে দিল্লী আৰু হাৰিয়ানা সীমান্তত চলি থকা কৃষক বিদ্ৰোহত ‘বিচ্ছিন্নতাবাদী’ উপাদান থকা বুলি কৰা মন্তব্যক সমালোচনা কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰমে ৷ চিদাম্বৰমে টুইটযোগে কয়, "মন্ত্ৰীসকলে কৃষি আইনৰ বিৰোধিতা কৰা প্ৰতিবাদকাৰীসকলক খালিস্তানী, চীন আৰু পাকিস্তানৰ চোৰাংচোৱা, মাওবাদী আৰু টুকৰে টুকৰে গেঙৰ সৈতে তুলনা কৰিছে ৷"

তেখেতে আৰু কয় যে, ‘যদি আপোনালোকে এইসমূহ ভাগত কৃষক সকলক বিভক্ত কৰিছে, ইয়াৰ অৰ্থ এইটো যে হাজাৰ হাজাৰ প্ৰতিবাদকাৰী সকলৰ ভিতৰত এজনো কৃষক নাই ৷ যদি প্ৰকৃততে তেওঁলোক কৃষক নহয় তেন্তে চৰকাৰে তেওঁলোকৰ সৈতে আলোচনাত কিয় মিলিত হৈছে?’

উল্লেখ্য যে, বৰ্তমানলৈকে কেন্দ্ৰীয় চৰকাৰে প্ৰতিবাদকাৰী কৃষক সকলৰ সৈতে কেইখনো বৈঠকত মিলিত হৈছে যদিও কোনো নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হোৱা নাই ৷

লগতে পঢ়ক-পেৰিছ চুক্তিত অগ্ৰগতিৰ দিশে ভাৰত

ABOUT THE AUTHOR

...view details