অসম

assam

ETV Bharat / bharat

কোভাক্সিন উৎপাদনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক সমালোচনা পি চিদাম্বৰমৰ - জ্যেষ্ঠ কংগ্ৰেছ নেতা

কোভাক্সিন উৎপাদনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে অন্যান্য ভেকচিন নিৰ্মাতাসকলক কোভাক্সিন উৎপাদনৰ বাবে আমন্ত্ৰণ জনোৱাত পলম হৈছে আৰু এই ক্ষেত্ৰত দেশত কৰ’ণাৰ অপ্ৰতিৰোধ্য সংক্ৰমণ আৰু প্ৰাণহানিৰ বাবে কোন দায়বদ্ধ হ’ব বুলি শনিবাৰে টুইটযোগে প্ৰশ্ন উত্থাপন কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰমে ৷

chidambaram-slams-centre-for-delay-in-inviting-other-covaxin-manufacturers
কোভাক্সিন উৎপাদনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক সমালোচনা পি চিদাম্বৰমৰ

By

Published : May 15, 2021, 7:19 PM IST

Updated : May 15, 2021, 10:15 PM IST

নেচনেল ডেস্ক, 15 মে': দেশত অপ্ৰতিৰোধ্য হৈ পৰিছে ক’ভিড-19ৰ সংক্ৰমণ ৷ বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ লগতে মৃত্যু হোৱা লোকৰ সংখ্যা ৷ দেশত নাটনি হৈছে পৰ্যাপ্ত ভেকচিনৰ ৷ কোভাক্সিন উৎপাদনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে অন্যান্য ভেকচিন নিৰ্মাতাসকলক কোভাক্সিন উৎপাদনৰ বাবে আমন্ত্ৰণ জনোৱাত পলম হৈছে আৰু এই ক্ষেত্ৰত দেশত কৰ’ণাৰ অপ্ৰতিৰোধ্য সংক্ৰমণ আৰু প্ৰাণহানিৰ বাবে কোন দায়বদ্ধ হ’ব বুলি শনিবাৰে টুইটযোগে প্ৰশ্ন উত্থাপন কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰমে ৷ প্ৰাক্তন নেতাগৰাকীয়ে লগতে কয় যে চৰকাৰে সিদ্ধান্ত লোৱাৰ চাৰি সপ্তাহ আগতে কংগ্ৰেছে আন নিৰ্মাতাসকলক বাধ্যতামূলক অনুজ্ঞাপত্ৰ প্ৰদানৰ পৰামৰ্শ দিছিল । কিন্তু চাৰি সপ্তাহ পিছত কেন্দ্ৰীয় চৰকাৰে আন নিৰ্মাতাসকলক কোভাক্সিন প্ৰস্তুত কৰাৰ বাবে আবেদন কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত লৈছে ৷ এই বৃহৎ ব্যৱধানৰ ফলস্বৰূপে দেশত কৰ’ণাৰ সংক্ৰমণ অপ্ৰতিৰোধ্য হৈ পৰিল আৰু ভালেসংখ্যক লোকৰ প্ৰাণহাণি হ’ল ৷ ঘৰুৱা উৎপাদন আৰু চাহিদাৰ মাজৰ বৃহৎ ব্যৱধানৰ এই সৰল গাণিত কোনে ভুল কৰিছিল বুলি টুইটযোগে প্ৰশ্ন কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে ৷

ইফালে সমগ্ৰ দেশৰ টিকাকৰণ কেন্দ্ৰসমূহত ক’ভিড-19 ৰ অভাৱৰ কেইবাটাও প্ৰতিবেদনৰ প্ৰকাশ পোৱাৰ পিছত নীতি আয়োগৰ সদস্য ড৹ ভি কে পলে বৃহস্পতিবাৰে কয় যে কোভাক্সিন উৎপাদন কৰিব বিচৰা আন কোম্পানীসমূহক কেন্দ্ৰীয় চৰকাৰ আৰু হায়দৰাবাদস্থিত ভাৰত বায়োটেকে ভেকচিন উৎপাদন কৰিবৰ বাবে আমন্ত্ৰণ জনাব বিচাৰে ৷ আনহাতে, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ অভিষেক সিংভিয়ে কেন্দ্ৰক মিছা প্ৰতিশ্ৰুতি দি আৰু তাৰ পিছত সময়সীমা বৃদ্ধি কৰি 'বুদ্ধিমত্তাক অপমান' নকৰিব বুলি টুইটযোগে উল্লেখ কৰে ৷ ভাৰত বৰ্তমান দেশজুৰি টিকাকৰণ অভিযানৰ তৃতীয় পৰ্যায়ৰ মাজত আছে ৷ শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি দেশত এইপৰ্যন্ত দেশত 18,04,29,261 পালি ভেকচিন প্ৰদান কৰা হৈছে ৷

ইপিনে, স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা 24 ঘণ্টাত দেশত প্ৰায় 3,26,098 জন লোক নতুনকৈ ক’ভিড-19 আক্ৰান্ত হৈছে আৰু 3,53,299 জন লোকক ডিচচাৰ্জ কৰাৰ লগতে 3,890 জন লোকৰ মৃত্যু হৈছে ৷ দেশত এইপৰ্যন্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা 2,43,72,907 গৰাকীলৈ বৃদ্ধি পালে ৷ বৰ্তমান 36,73,802 গৰাকী সক্ৰিয় ক’ভিড ৰোগী থকাৰ বিপৰীতে 2,66,207 গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে ৷

লগতে পঢ়ক :মুম্বাইৰ ধৰ্মীয় অনুষ্ঠানসমূহ ক'ভিড কেন্দ্ৰলৈ ৰূপান্তৰিত

Last Updated : May 15, 2021, 10:15 PM IST

ABOUT THE AUTHOR

...view details