নেশ্যনেল ডেস্ক, ১ জুলাই: পেট্ৰ'ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিৰ পাচত এইবাৰ বৃদ্ধি পাইছে ৰন্ধন গেছৰো মূল্য । অৱশ্যে এয়া এদিনীয়া কথা নহয় । যোৱা কেইমাহমান ধৰি ৰন্ধন গেছৰ মূল্য বাঢ়ি আছে । এফালে ক'ভিড-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে জাৰি কৰা সান্ধ্য আইনৰ ফলত উপাৰ্জনৰ পথ বন্ধ হৈ পৰিছে, আনফালে পেট্ৰ'ল-ডিজেল বৰ্ধিত মূল্যৰ বাবে বাহনবোৰ চলোৱাৰ আগত চিন্তা কৰিবলগীয়া হৈছে ।
কেৱল এয়াই নহয়, এইবাৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰো মূল্য বৃদ্ধি পালে । এনে পৰিস্থিতিত বিৰোধী দল, বিভিন্ন সংগঠনে বিজেপি চৰকাৰকে দোষাৰোপ কৰিছে । কেন্দ্ৰীয় চৰকাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ ব্যৰ্থ হোৱাৰ অভিযোগ তুলিছে কংগ্ৰেছে । বৃহস্পতিবাৰে প্ৰাক্তন বিত্ত মন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰমে মূল্যবৃদ্ধিৰ বিৰোধিতা কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ সমালোচনা কৰে ।
তেওঁ কটাক্ষ কৰি কয় যে, মোডী থাকিলে সকলো সম্ভৱ । অৰ্থাৎ মোডী প্ৰধানমন্ত্ৰী হৈ থাকিলে এনেদৰে ধাৰাবাহিকভাৱে পেট্ৰ'ল-ডিজেল আৰু ৰন্ধন গেছৰ মূল্য বৃদ্ধি হোৱাতো একো আচৰিত হ'বলগীয়া কথা নহয় । উল্লেখ্য যে, দেশৰ বিভিন্ন প্ৰান্তত বৰ্তমান পেট্ৰ'লৰ মূল্য ১০০ টকাৰো বেছি হৈছে ।