নেশ্যনেল ডেস্ক,২ ডিচেম্বৰ :ছত্তীশগড়ত মাওবাদীয়ে ২ ডিচেম্বৰৰ পৰা ৮ ডিচেম্বৰলৈ শ্বহীদ দিৱস পালন কৰিছে । তাৰ মাজতে ছত্তীশগড়ত মাওবাদীৰ আক্ৰমণ অব্যাহত আছে । শনিবাৰে দান্তেৱাড়া জিলাত মাওবাদীয়ে সংস্থাপন কৰা এটা আইইডি বিস্ফোৰণ হোৱাৰ ফলত কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (চিআৰপিএফ) দুগৰাকী জোৱান আহত হয় । ঘটনাটো পুৱাই বৰচুৰ আৰক্ষী থানাৰ অন্তৰ্গত ইদ্ৰৱতী নৈৰ দলঙৰ সমীপত আইইডিটো বিস্ফোৰণ হয় । সুৰক্ষা কৰ্মীসকলে বিস্ফোৰক নিষ্ক্ৰিয় কৰি থকাৰ সময়তে এই বিস্ফোৰণটো হয় ।
চিআৰপিএফৰ এগৰাকী বিষয়াই এই সন্দৰ্ভত কয় যে ২ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা 'পিপলছ লিবাৰেচন গেৰিলা আৰ্মী' সপ্তাহৰ অংশ হিচাপে বাৰচুৰ-পল্লী পথত মাওবাদীৰ চলাচলৰ বিষয়ে এক গোপন সূত্ৰ লাভ কৰিছিল । লগে লগে চিআৰপিএফৰ ১৯৫ বেটেলিয়নৰ এটা দল সেই স্থানলৈ ৰাওনা হয় । মাওবাদীৰ বেনাৰ আৰু তাত থকা আইইডি প্ৰত্যক্ষ কৰাৰ লগে লগে নিৰাপত্তাৰক্ষীসকলে বিস্ফোৰকটো নিষ্ক্ৰিয় কৰিবলৈ আৰম্ভ কৰে । সেই সময়তে আইইডিটো বিস্ফোৰণ হয় । বিস্ফোৰণত দুগৰাকী জোৱান আহত হয় আৰু বিমানেৰে তেওঁলোকক ৰায়পুৰলৈ লৈ যোৱা হয় । ঘটনাটোৰ পাছত অঞ্চলটোত এক অনুসন্ধান আৰম্ভ কৰা হয় ।