নিউজ ডেস্ক, ১৯ ছেপ্টেম্বৰ:ধৰ্মীয় বিষয়বোৰ এতিয়া যেন প্ৰৱেশ কৰিছে সমাগত ছত্তীশগড় বিধানসভা নিৰ্বাচনত । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মঙলবাৰে ছত্তীশগড়ৰ বেমেতাৰা জিলাত বিজেপিৰ পৰিৱৰ্তন যাত্ৰাৰ এখন সভাত ভাষণ দিয়ে । মুখ্যমন্ত্ৰী শৰ্মাই সভাত কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক তীব্ৰ ভাষাৰে কটাক্ষ কৰে ৷
হিন্দুত্ববাদী মন্তব্যৰে কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰী শৰ্মাৰ: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বেমেতাৰাৰ পৰিৱৰ্তন যাত্ৰাত হিন্দুত্ববাদী মন্তব্যৰে ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি লয় । তেওঁ কয়, "যদি ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী ৰামলাল্লা দৰ্শন কৰিবলৈ অযোধ্যালৈ যায়, তেন্তে আমি মানি লম যে তেওঁলোক হিন্দু । মই ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু কমল নাথক প্ৰত্যাহ্বান জনাইছো যে তেওঁলোকে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক ৰামলাল্লাক দৰ্শন কৰিবলৈ লৈ আনক ।" তেতিয়া আমি মানি লম যে তেওঁলোক হিন্দু ।
"প্ৰধানমন্ত্ৰী মোদীৰ দিনত ৰাম মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল": মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সভাৰ মঞ্চৰ পৰা দাবী কৰি কয়, "শুনা ৰাহুল গান্ধী । নিৰ্বাচন আহিলে ভোট দি কংগ্ৰেছৰ নিষ্পত্তি হ'ব । ভূপেশ বাঘেলে কয় যে মইও হিন্দু ।" যদি আপুনি হিন্দু, তেতিয়া ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীক লৈ ৰামলাল্লাৰ মন্দিৰলৈ যাওক । মোদীজী যেতিয়া প্ৰধানমন্ত্ৰী হৈছিল তেতিয়া ৰাম মন্দিৰ নিৰ্মাণ সম্ভৱ হৈ উঠিছিল । ৰাহুল নিৰ্বাচনৰ সময়ত মন্দিৰে মন্দিৰে যাব, কিন্তু ৰামলাল্লাৰ মন্দিৰলৈ নাযায় ৰাহুল গান্ধী ।"