অসম

assam

By

Published : Mar 24, 2023, 9:23 PM IST

ETV Bharat / bharat

Congress BJP clash: ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ পাচতে ছত্তীশগড়ত বিজেপি কৰ্মীৰে কংগ্ৰেছ কৰ্মীৰ সংঘাত

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ পাচতে দেশৰ ভিন্ন স্থানত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে ৷ কেইবাগৰাকীও বিৰোধী নেতাই বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে ৷ ছত্তীশগড়ত বিজেপি সমৰ্থকৰ সৈতে সংঘাতত লিপ্ত হ’ল কংগ্ৰেছৰ নেতা কৰ্মী (Congress BJP clash)

Congress workers storm BJP party office
Congress BJP clash

নিউজ ডেস্ক, 24 মাৰ্চ: ৰাহুল গান্ধীক অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰাৰ পিচ শুকুৰবাৰে লোকসভাৰ সাংসদ পদ খাৰিজ হয় নেতাগৰাকীৰ ৷ ইয়াৰ প্ৰতিবাদত শুকুৰবাৰে ৰায়পুৰৰ বিজেপিৰ দলীয় কাৰ্যালয় ‘একৎমা পৰিচাৰ’ৰ সন্মুখত সমবেত হয় বৃহৎ সংখ্যক কংগ্ৰেছ কৰ্মী । প্ৰতিবাদী কংগ্ৰেছৰ নেতা-কৰ্মীয়ে ৰাজ্যিক বিজেপিৰ সভাপতি অৰুণ সাওৰ পোষ্টাৰ ফালি তাৰ ওপৰত ক’লা চিয়াঁহীও লেপি দিয়ে । ইয়াৰ প্ৰত্যুত্তৰত বিজেপিৰ নেতা কৰ্মীসকলেও কংগ্ৰেছ কৰ্মী আৰু তেওঁলোকৰ সমৰ্থকক আক্ৰমণ কৰে (Congress workers gather at Raipur BJP office) ।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেই স্থানতে আৰক্ষীৰ বৃহৎ দল মোতায়েন কৰা হৈছে । কিন্তু আৰক্ষীয়ে এই ঘটনাত নীৰৱ দৰ্শক হৈ থকাৰ অভিযোগ উত্থাপন হৈছে । দুয়োটা দলৰ সমৰ্থকসকলৰ মাজত সংঘটিত সংঘাতত উত্তাল হৈ পৰে সমগ্ৰ পৰিবেশ । কংগ্ৰেছ কৰ্মীয়ে বিজেপি সমৰ্থকৰ ওপৰত কণী নিক্ষেপো কৰা দেখা গ’ল । বিজেপিৰ দলীয় কার্যালয়ত লগোৱা পোষ্টাৰ আৰু বেনাৰ বিকৃত কৰিবলৈ ক’লা চিয়াঁহী ব্যৱহাৰ কৰে কংগ্রেছ কর্মীসকলে (Congress workers storm at BJP Ekatma Parisar) ৷

বিজেপি দলৰ কাৰ্যালয়ত পৰিস্থিতি শান্ত হোৱাৰ লগে লগে এই হাই ভল্টেজ নাটকৰ দৃশ্য কংগ্ৰেছ দলৰ কাৰ্যালয়লৈ স্থানান্তৰিত হয় । কংগ্ৰেছ দলৰ কাৰ্যালয়ত বৃহৎ সংখ্যক বিজেপি সমৰ্থকে তাণ্ডৱৰ সৃষ্টি কৰে । কংগ্ৰেছৰ কাৰ্যালয়ত ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল । কংগ্ৰেছ দলৰ কাৰ্যালয়ত নিয়োজিত আৰক্ষী বাহিনীয়ে বিজেপি কৰ্মীক চৌহদত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে । আৰক্ষীৰ সূত্ৰই জনোৱা মতে, এই সংঘাত ৰোধ কৰিবলৈ গৈ এজন আৰক্ষী জোৱান আহত হয় (Rahul Gandhi disqualified as MP)।

লগতে পঢ়ক:Fighting for voice of India: দেশৰ বাক স্বাধীনতা ঘূৰাই আনিবলৈ যিকোনো ত্যাগৰ বাবে মই সাজু; ৰাহুল গান্ধী

কেৰালাৰ ৱায়ানাদ সমষ্টিৰ সাংসদ তথা কংগ্ৰেছ দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীক ২০১৯ চনত মোদী উপাধিক লৈ কৰা এক মন্তব্যৰ বাবে চুৰাটৰ আদালতে মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰি দুবছৰৰ কাৰাদণ্ড বিহে ৷ ইয়াৰ পাচতেই বুধবাৰে লোকসভা সচিবালয়ে ৰাহুলৰ সাংসদ পদ খাৰিজ কৰে ৷ এই ঘটনাক লৈ শাসকীয় বিজেপি দলক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছকে ধৰি একাংশ বিৰোধী দলে ৷ ৰাহুল গান্ধীৰ কণ্ঠ ৰুদ্ধ কৰিবৰ বাবে তথা সদনৰ পৰা ৰাহুল গান্ধীক বাহিৰত ৰাখিবলৈকে বিজেপি দলে এই ষড়যন্ত্ৰ কৰা বুলি বিৰোধীয়ে অভিযোগ কৰিছে (Chhattisgarh BJP president Arun Sao face defaced) ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details