নেশ্যনেল ডেস্ক,১৩ জানুৱাৰী : সন্মুখত লোকসভা নিৰ্বাচন । তাৰ পূৰ্বে দেশৰ উদ্যোগপতিসকলৰ প্ৰতি কংগ্ৰেছৰ অসন্তুষ্টিৰ কাৰণ এতিয়া প্ৰায় স্পষ্ট হৈ পৰিছে । শেহতীয়াকৈ ছত্তীশগড়ৰ কংগ্ৰেছ নেতা শচীন পাইলটৰ এক মন্তব্যৰ পাছতে এই কথা স্পষ্ট হৈ পৰিছে । শুকুৰবাৰে শচীন পাইলটে এক ৰাজহুৱা অনুষ্ঠানত অভিযোগ কৰে যে কেন্দ্ৰীয় চৰকাৰৰ ভয়ত বৃহৎ উদ্যোগপতিসকলে কংগ্ৰেছক আৰ্থিকভাৱে সহায় কৰা নাই ।
কংগ্ৰেছৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত শচীন পাইলটে অনুষ্ঠানত কয় যে কেন্দ্ৰীয় চৰকাৰে বৃহৎ উদ্যোগপতিসকলৰ মাজত ভয়ৰ সৃষ্টি কৰিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত উদ্যোগপতিসকলে বিশেষ সহায় কৰা নাই । এতিয়া কংগ্ৰেছে কৰ্মীসকলৰ ওচৰলৈ যাব লাগিব আৰু মানুহক সাক্ষাৎ কৰিব লাগিব । কংগ্ৰেছৰ আদৰ্শৰ সৈতে যিসকল একমত তেওঁলোকক আৰু সমৰ্থকসকলক দলৰ পুঁজিত অৱদান আগবঢ়াবলৈ আহ্বান জনাব বুলিও তেওঁ উল্লেখ কৰে ।