অসম

assam

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 4:22 PM IST

ETV Bharat / bharat

জল্পনা-কল্পনাৰ অন্ত, ছত্তীশগড়ে লাভ কৰিলে নতুন মুখ্যমন্ত্ৰী

Chhattisgarh Next CM : ছত্তীশগড়ৰ নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা ৷ বিষ্ণুদেৱ সাই ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী ৷

Chhattisgarh Next CM
ছত্তীশগড়ৰ নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা

নিউজ ডেস্ক, 10 ডিচেম্বৰ : অৱশেষত অন্ত পৰিল ছত্তীশগড়ৰ নতুন মুখ্যমন্ত্ৰী সন্দৰ্ভত চলি থকা স্থবিৰতাৰ ৷ দেওবাৰে ৰায়পুৰত অনুষ্ঠিত হয় বিজেপিৰ বিধানয়িনী দলৰ বৈঠক ৷ বিষ্ণুদেৱ সাই হ’ব ছত্তীশগড়ৰ পৰৱৰ্তী তথা নতুন মুখ্যমন্ত্ৰী ৷

ৰায়পুৰত উপস্থিত বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক :

ছত্তীশগড়ৰ নতুন মুখ্যমন্ত্ৰীৰ সম্পৰ্কত সিদ্ধান্ত ল’বলৈ ৰায়পুৰত দেওবাৰে উপস্থিত হয় বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক ৷ কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাবে ৰাজ্যখনত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অৰ্জুন মুণ্ডা আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দুষ্যন্ত গৌতম ৷

ৰায়পুৰ বিমানবন্দত উপস্থিত হোৱাৰ লগে লগে তিনিওগৰাকী কেন্দ্ৰীয় পৰ্যবেক্ষকক বিজেপিৰ নেতা-কৰ্মীসকলে এক উষ্ম আদৰণি জনায় ৷ ইয়াৰ পিছত তেওঁলোকৰ কনভয় বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত উপস্থিত হয় ৷ ছত্তীশগড়ৰ ৰাজ্যিক বিজেপিৰ মুৰব্বী অৰুণ সাওৱে ৰায়পুৰৰ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত কেন্দ্ৰীয় পৰ্যবেক্ষকক আদৰণি জনায় ৷

নতুন মুখ্যমন্ত্ৰীক লৈ অৰ্জুন মুণ্ডাৰ বক্তব্য-

ছত্তীশগড়ৰ নতুন মুখ্যমন্ত্ৰী সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডাৰ এক বিবৃতি প্ৰকাশ পাইছে ৷ ঝাৰখণ্ডৰ খুঁটিৰ পৰা ৰায়পুৰলৈ ৰাওনা হোৱাৰ সময়ত সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয়, "নিৰপেক্ষ সংখ্যাগৰিষ্ঠতা পোৱাৰ পিছত চৰকাৰ গঠনৰ সময় আহি পৰিছে ৷ বিধায়িনী দলৰ বৈঠক হ'ব আৰু নেতা নিৰ্বাচিত হ'ব ৷ অন্যান্য আনুষ্ঠানিকতা হ'ব ৷ সকলোবোৰ সোনকালেই সম্পূৰ্ণ হ'ব ৷"

বিষ্ণুদেৱ সাইৰ ৰাজনৈতিক যাত্ৰা

1. কুংকুৰি বিধানসভাৰ আসনৰ পৰা জয়ী

2. বিষ্ণুদেৱ সাই জনজাতীয় সম্প্ৰদায়ৰ

3. সাই সাংসদ আৰু কেন্দ্ৰীয় মন্ত্ৰীৰ পদতো অধীষ্ঠত হৈছে

4. ১৯৯৯ চনৰ পৰা ২০১৪ চনলৈ ৰায়গড়ৰ সাংসদ আছিল সাই

5. মোদী চৰকাৰত কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভ

6. ভাৰত চৰকাৰৰ তীখা আৰু খনিৰ ৰাজ্যিক মন্ত্ৰী

7. বিষ্ণুদেৱ সাইৰ জন্ম হৈছিল যশপুৰৰ বগিয়া গাঁৱত

8. কুংকুৰিৰ পৰা স্কুলীয়া শিক্ষা লাভ

9. বিষ্ণুদেৱ সাই চাৰিবাৰ লোকসভাৰ সাংসদ হৈছিল

10. বিষ্ণুদেৱ সাইও দুবাৰকৈ বিধায়ক হৈছিল

11. ২ বছৰ ছত্তীশগড়ৰ বিজেপিৰ ৰাজ্যিক সভাপতিও আছিল

উল্লেখ্য যে, বিগত 3 ডিচেম্বৰত ঘোষণা হোৱা ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ ফলাফলত শাসনাধীষ্ঠ কংগ্ৰেছ চৰকাৰক শোচনীয়ভাৱে পৰাস্ত কৰি একক সংখ্যা গৰিষ্ঠতাৰে ৰাজ্যখনৰ শাসনৰ গাদী দখল কৰিছিল বিজেপিয়ে ৷

লগতে পঢ়ক :আজি ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা সম্ভাৱনা, কেন্দ্ৰীয় পৰ্যবেক্ষকৰ উপস্থিতিত বিজেপিৰ বিধায়িনী দলৰ বৈঠক

ABOUT THE AUTHOR

...view details