নিউজ ডেস্ক, ১৯ জুলাই :সুৰা প্ৰসংগত উত্তপ্ত ছত্তীশগড় বিধানসভাৰ মজিয়া । উল্লেখ্য যে বৰ্তমান ছত্তীশগড় বিধানসভাৰ বৰ্ষাকালীন অধিবেশন চলি আছে । অধিবেশনৰ মাজতে বিষাক্ত সুৰাৰ বিষয়টোক লৈ বিধানসভাৰ মজিয়া উত্তপ্ত হৈ পৰে । ছত্তীশগড় বিধানসভাত প্ৰশ্নকালৰ সময়ত ৰাজ্যখনত বিষাক্ত সুৰাৰ ফলত এজন সেনা জোৱানসহ তিনিজন লোকৰ মৃত্যুৰ বিষয়টো উত্থাপন কৰা হয় । চৰকাৰৰ হৈ আবকাৰী মন্ত্ৰী কাৱাচী লাখমাই কয় যে সেনা জোৱানজন বিষাক্ত সুৰা পান কৰাৰ বাবে নহয়, বিষ পান কৰিহে মৃত্যুবৰণ কৰে ।
বিৰোধী দলৰ নেতা নাৰায়ণ চান্দেলে প্ৰশ্নকালত এই বিষয়টো সদনত উত্থাপন কৰিছিল । তেওঁ কয় যে বিষাক্ত সুৰা পান কৰাৰ ফলত তিনিজন লোকৰ মৃত্যু হৈছে । কিন্তু চৰকাৰে বিষাক্ত সুৰাৰ ফলত কাৰোবাৰ মৃত্যুৰ কথাটো অস্বীকাৰ কৰি সদনক বিপথে পৰিচালিত কৰিছে । তেওঁ কয় যে ২০২৩ চনৰ ১৫ মে'ত নন্দলাল নামৰ এজন সেনা জোৱান আৰু সতীশ আৰু পৰশ ৰাম চাহু নামৰ আন দুজন লোকে বিষাক্ত সুৰা পান কৰাৰ ফলত মৃত্যুবৰণ কৰে । আনহাতে, অকালতাৰা নামৰ এক স্থানতো বিষাক্ত সুৰাৰ ফলত এজন লোকৰ মৃত্যু হৈছে ।