নিউজ ডেস্ক, 20 মাৰ্চ :অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ (এবিভিপি) প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি ড৹ চুব্বিয়া শানমুগামক চেন্নাই আৰক্ষীয়ে এগৰাকী চুবুৰীয়া বৃদ্ধ মহিলাৰ ঘৰৰ প্ৰৱেশদ্বাৰৰ ওচৰত প্ৰস্ৰাৱ কৰি আৰু ঘৰৰ বাহিৰত আৱৰ্জনা পেলাই হাৰাশাস্তি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে (former ABVP leader arrested for urinating at woman’s door) । অভিযোগ অনুসৰি, ২০২০ চনৰ জুলাই মাহত চুব্বিয়া আৰু মহিলাগৰাকীৰ মাজত পাৰ্কিং লটক লৈ হোৱা মতবিৰোধৰ পিছত এই ঘটনাটো সংঘটিত হৈছিল ।
ভুক্তভোগী অকলসৰীয়া বিধৱা মহিলাগৰাকীয়ে তেওঁৰ অভিযোগত কৈছিল যে শানমুগামৰ সৈতে হোৱা মতবিৰোধৰ পিছতে তেওঁ প্ৰায়ে তেওঁৰ ঘৰটোৰ বাহিৰত আৱৰ্জনা পাবলৈ ধৰে । ইয়াৰ পিছতে ইয়াৰ অন্তৰালত কোন আছে সেয়া নিশ্চিত কৰিবলৈ তেওঁ এটা চিচিটিভি স্থাপন কৰিছিল । মহিলাগৰাকীয়ে তেওঁৰ অভিযোগত চিচিটিভি ফুটেজ আৰু কিছুমান ফটো সংলগ্ন কৰিছিল য'ত চুব্বিয়া শানমুগামে তেওঁৰ ঘৰৰ সন্মুখত প্ৰস্ৰাৱ কৰা দেখা পোৱা গৈছিল ।
অভিযোগটো 11 জুলাই, 2020 তাৰিখে আদম্বাক্কাম আৰক্ষী চকীত দাখিল কৰা হৈছিল । অৱশ্যে, মহিলাগৰাকীয়ে লাভ কৰা কিছুমান বাধাৰ বাবে অভিযোগটো প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছিল । কিন্তু, এখন এজাহাৰ দাখিল কৰা হোৱাৰ বাবে তদন্ত অব্যাহত ৰাখিছিল আৰক্ষীয়ে ।