অসম

assam

By

Published : Sep 10, 2022, 10:06 PM IST

ETV Bharat / bharat

এটা মেছেজ আৰু এখন বিয়া, তাৰ পাছত...

"আজি মোৰ বিয়া, মোক ইয়াৰ পৰা লৈ যোৱা" বিবাহৰ পূৰ্বে এটা মছেজ প্ৰেমিকলৈ, প্ৰেমিকাৰ বিবাহৰ কথা শুনি উধাতু খাই মণ্ডপলৈ আহিল প্ৰেমিক (Bride called lover to stop marriage) ৷ তাৰ পাছতেই ...

এটা মেছেজ আৰু এখন বিয়া, তাৰ পাছত...
এটা মেছেজ আৰু এখন বিয়া, তাৰ পাছত...

নেশ্যনেল ডেস্ক, 10 ছেপ্টেম্বৰ:জন্ম, মৃত্যু আৰু বিবাহ ক’ত কেতিয়া হ’ব কোনেও নাজানে ৷ এগৰাকী যুৱতীয়ে নিজৰ বিবাহৰ দিনটোৰ বাবে বহুত সপোন ৰচে ৷ এটা শুকুলা ঘোঁৰাত উঠি আহিব প্ৰিয়জন, তেওঁৰ হাতত হাত ধৰি সংগী হ’ব ওৰেটো জীৱনৰ ৷

কিন্তু কেতিয়াবা এনে সপোন ভাঙি চুৰমাৰ হয় ৷ পৰিৱেশ আৰু পৰিস্থিতিয়ে অনুমতি নিদিয়ে আজীৱন প্ৰিয়জনৰ হোৱাৰ ৷ এনদৰেই প্ৰেমৰ বিৰহত দগ্ধ হয় কত কলিজা! তথাপিও এটাই আশা- ‘‘তেওঁ আহিব, মোক নিজৰ কৰিবলৈ’’ ৷

"আজি মোৰ বিয়া, মোক ইয়াৰ পৰা লৈ যোৱা" বিবাহৰ পূৰ্বে এটা মছেজ প্ৰেমিকলৈ, প্ৰেমিকাৰ বিবাহৰ কথা শুনি উধাতু খাই মণ্ডপলৈ আহিল প্ৰেমিক (Bride called lover to stop marriage) ৷ তাৰ পিছতেই সংঘটিত হয় ডাঙৰ ঘটনা ৷ এয়া কোনো বলীউডৰ চিনেমাৰ কাহিনী নহয়, এই ঘটনা হৈছে তামিলনাডুৰ (Marriage hall Ruckus in Chennai) ৷

শুকুৰবাৰে পুৱা চেন্নাইৰ এক বিবাহ ভৱনত অনুষ্ঠিত হৈছিল এক আড়ম্বৰপূৰ্ণ বিবাহৰ অনুষ্ঠান ৷ বিবাহৰ মণ্ডপত কইনা বহিছেহে মাত্ৰ, তেনে সময়তে উপস্থিত হ’ল প্ৰেমিক ৷ দৰাৰ হাতৰ পৰা মংগলসূত্ৰ কাঢ়ি লৈ প্ৰেমিকা কইনাক পিন্ধাবলৈ লওঁতেই প্ৰেমিকাৰ পৰিয়ালৰ লোকে সোধালে মাধমাৰ ৷ লগেলগে বিবাহস্থলী পৰিণত হয় ৰণাংগনলৈ ৷ মুঠতে যিয়েই য’ত পাৰে উধাই-মুধাই প্ৰহাৰ কৰিছে প্ৰেমিকক ৷

এই ঘটনা সহ্য কৰিব নোৱাৰি প্ৰেমিকা কন্যাই বাধা দিয়েহে দিয়ে, কিন্তু কাণসাৰ নকৰে কোনেও ৷ বিয়াত বিঘিনি ঘটাবলৈ অহা যুৱকজনক মাথো প্ৰহাৰ কৰিছে ৷ অৱশেষত এই কথাৰ বিষয়ে অৱগত হৈ বিয়া ঘৰত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি যুৱকজনক উদ্ধাৰ কৰে ৷

আৰক্ষীয়ে যুৱকজনক সোধ-পোছ কৰাত ওলাই পৰে প্ৰকৃত কথা ৷ যুৱক আৰু কইনাগৰাকীয়ে চেন্নাইৰ এখন বিলাসী হোটেলত একেলগে কৰ্মৰত ৷ তেনেকৈয়ে দুয়োৰে মাজত প্ৰথমে বন্ধুত্ব স্থাপন হয় আৰু তাৰ পিছতেই প্ৰেমৰ সম্পৰ্ক হৈছিল ৷ তেঁওলোকৰ প্ৰেমে লৈছিলেগৈ ঘনিষ্ঠ ৰূপ ৷

ইফালে যুৱতীগৰাকীয়ে এই প্ৰেমৰ কথা ঘৰত ক’বলৈ নৌপাওঁতেই বিবাহৰ পাত্ৰৰ লগত দিন ধাৰ্য কৰিলে ঘৰৰ লোকে ৷ উপায়হীন হৈ ঘৰৰ কথা মানি বিবাহত বহিবলৈ যুৱতীগৰাকী মান্তি হৈছিল যদিও বিবাহৰ দিনা প্ৰেমিকক মেছেজ কৰি বিবাহস্থলীলৈ মাতি পঠিয়ালে যুৱতীগৰকীয়ে ৷

এই বিবাদৰ পাছতে যুৱতীগৰাকীৰ বিবাহ বাতিল হয় ৷ সম্প্ৰতি যুৱকজনক আৰক্ষীৰ জিম্মাত ৰখা হৈছে (Chennai love story)৷

লগতে পঢ়ক:ৰাণী দ্বিতীয় এলিজাবেথৰ মুছৌৰী সংযোগ : জ্যোতিষীৰ পুত্ৰৰ বৃহৎ দাবী

ABOUT THE AUTHOR

...view details